ETV Bharat / city

অৱশেষত আৰক্ষীৰ জালত জু ৰোডৰ চুৰিকাণ্ডৰ চোৰ

author img

By

Published : Feb 27, 2022, 9:27 PM IST

Updated : Feb 27, 2022, 10:17 PM IST

অৱশেষত আটক হ’ল জু ৰোড চুৰিকাণ্ড (Theft case at Zoo Road)ৰ ঘটনাৰ লগত জড়িত তিনি দুৰ্বৃত্ত ৷ দেওবাৰে গীতানগৰ আৰক্ষীয়ে নুনমাটি আৰু ফটাশিল আমবাৰীত অভিযান চলাই এই তিনি দুবৃত্তক আটক কৰে ৷

police-arrested-three-person-in-zoo-road-theft-case
অৱশেষত আৰক্ষীৰ জালত জু ৰোডৰ চুৰিকাণ্ডৰ চোৰ

গুৱাহাটী, 27 ফেব্ৰুৱাৰী : মহানগৰীৰ জু ৰোড চুৰিকাণ্ড (Theft incident at Zoo Road) ৰ ঘটনাৰ লগত জড়িত তিনি দুৰ্বৃত্তক আটক কৰে গীতানগৰ আৰক্ষীয়ে (Police arrested three person in Zoo Road Theft case ) । দেওবাৰে এক গোপন সূত্ৰৰ পম খেদি গীতানগৰ আৰক্ষীয়ে নুনমাটি আৰু ফটাশিল আমবাৰীত অভিযান চলাই এই তিনি দুবৃত্তক আটক কৰে ৷

আটকাধীন দুবৃত্তকেইজন ক্ৰমে, সুনিল ৰয়,ৰাজকুমাৰ দেৱনাথ আৰু কল্পনা দেৱনাথ বুলি জানিব পৰা গৈছে ৷ ঘটনা অনুসৰি, বিগত 25 ফেব্ৰুৱাৰীৰ দিনা মহানগৰীৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী সঞ্জীৱ গাৰোদিয়াই নিশা 8:30 বজাত নিজৰ বাহনেৰে ব্যৱসায়ীক সামগ্ৰী ক্ৰয় কৰিবলৈ এখন বেগত নগদ 30 লাখ টকা লৈ ওলাই আহিছিল । ব্যৱসায়ীগৰাকীয়ে সামগ্ৰী কিনিবলৈ জু-ৰোডত গাড়ীখন ৰখাই প্ৰথমে এখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ যায় ৷ ইয়াৰে সুবিধা লৈ গাড়ী চালক সুনীল ৰয়ে 30 লাখ টকাৰ লগতে গাড়ীখন লৈ পলায়ন কৰে ।

তাৰ পিছতেই উপায়ন্তৰ হৈ ব্যৱসায়ীগৰাকীয়ে ঘটনা সন্দৰ্ভত গীতানগৰ থানাত এজাহাৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিতেই শনিবাৰ আৰু দেওবাৰে নুনমাটি আৰু ফটাশীল আমবাৰীত অভিযান চলাই নগদ ধন সহ ধন লুটৰ ঘটনাত জড়িত তিনি দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হয় । লগতে ধৃত দুৰ্বৃত্তৰ পৰা আৰক্ষীয়ে 28 লাখ 95 হাজাৰ নগদ ধন সহ চুৰি বাহনখন উদ্ধাৰ কৰিব সক্ষম হয় ।

লগতে পঢ়ক : পুনৰ কাগজ কল দুটাৰ মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস

Last Updated : Feb 27, 2022, 10:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.