ETV Bharat / city

গুৱাহাটীত প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰাঞ্চল আঁচনিৰ শুভ উদ্বোধন - প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰাঞ্চল আঁচনিৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

বুধবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰাঞ্চল আঁচনিৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷

গুৱাহাটীত প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰাঞ্চল আঁচনিৰ শুভ উদ্বোধন
author img

By

Published : Oct 30, 2019, 11:47 PM IST

গুৱাহাটী, 30 অক্টোবৰঃ বুধবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰাঞ্চল আঁচনিৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত চহৰাঞ্চলৰ বাসগৃহ বিহীন লোকৰ বাবে তৈয়াৰ এই আঁচনিত আজি 2643 গৰাকী হিতাধীকাৰীক প্ৰথম কিষ্টিৰ 1 লাখ 10 হাজাৰ টকাকৈ প্ৰদান কৰা হয় ৷ উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, 2022 চনৰ ভিতৰত এই আঁচনি সম্পূৰ্ণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আমাক নিৰ্দেশ দিছে । কামবোৰ ভাল আৰু উন্নত মানদণ্ডৰ হোৱাৰ লগতে নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবই লাগিব । লগতে পূৰ্বতে ইণ্ডিৰা আৱাস যোজনাৰ যি ঘৰ আছিল সেয়া অতি দুৰ্বল আছিল । এতিয়া সেই ঘৰ দেখিলে হতাশ হয় ৰাইজ । গতিকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ অতি সুন্দৰ হ’ব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ‌ । এই অনুষ্ঠানত অতুল বৰাও উপস্থিত থাকে ৷ 2022 চনৰ ভিতৰত সম্পূৰ্ণ হ’বলগীয়া এই প্ৰধানমন্ত্ৰী আৱাস যোজনাই বহু পৰিয়ালৰ মুখত হাঁহি বিৰিঙাইছে । ইয়োৰোপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে বিভিন্ন জিলাৰ আৱাস গৃহৰ হিতাধীকাৰী সকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে বাৰ্তালাপো কৰে ৷

গুৱাহাটীত প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰাঞ্চল আঁচনিৰ শুভ উদ্বোধন

আৰু পঢ়কঃ সন্ত্ৰাসবাদীৰ হিট লিষ্টত ‘বিৰাট কোহলি’ !

Intro:বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পেক্ষাগৃহত উদ্ধোধন কৰা হয় প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰাঞ্চল আচনিৰ ।

Body:চহৰাঞ্চলৰ আৱাসবিহীন লোকৰ বাবে তৈয়াৰ এই আচনিত আজি 2643 গৰাকী হিতাধীকাৰীক প্ৰথম কৃষ্টিৰ 1 লাখ 10 হাজাৰ কৈ প্ৰদান কৰে । উল্লেখ্য যে 2022 চনৰ ভিতৰত সম্পূৰ্ণ হব লগা এই প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ ই বহু পৰিয়ালৰ মূখলৈ হাহি বিৰিঙাইছে । এই অনুষ্ঠানত উপস্থিত থাকি অতুল বৰাই কয় যে সুন্দৰ ঘৰ এটাত থকাৰ সকলোৰে সপোন থাকে । সেয়ে সপোন বাস্তৱত পৰিনত হোৱাত আজি সকলোৱে আনন্দ পাইছে । দৃঢ়তা আৰু প্ৰতিশ্ৰুতি আছে আমাৰ চৰকাৰৰ । তেওঁ কয় যে পূৰ্বতে যিবিলাক ইণ্ডিৰা আৱাস যোজনাৰ গৃহ আছিল সকলো ঠাইতে আধৰুৱা হৈ ৰল । কোনোৱে ঘৰ নিৰ্মাণৰ সামগ্ৰী ক্ৰয় নকৰিলে কোনোৱে ঘৰৰ প ইচাৰে মটৰ চাইকেল ললে ।

অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে 2022 চনৰ ভিতৰত এই আচনি সম্পূৰ্ণ কৰিবলৈ আমাক নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে । গতিকে নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব । যাতে কামবোৰ ভাল আৰু উন্নত মানৰ হয় । পূৰ্বতে ইণ্ডিৰা আৱাস যোজনাৰ যি ঘৰ আছিল সেয়া অতি দুৰ্বল । এতিয়া সেই ঘৰ দেখা দেখিলে হতাশ হয় ৰাইজ । গতিকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ অতি সুন্দৰ হব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ‌ । আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী গৰাকীয়ে বিভিন্ন জিলাৰ আৱাস গৃহৰ হিতাধীকাৰীৰ সৈতে ভিডিঅ কনফাৰেন্স যোগে বাৰ্তালাপ কৰে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.