নিউজ ডেস্ক, 13 মে‘ : শুকুৰবাৰে গুৱাহাটী মহানগৰীত পেট্ৰ’ল পাম্প বন্ধ ঘোষণা কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েশ্যনে। নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েশ্যনে তেল কোম্পানীবোৰে প্ৰাপ্য আদায় নিদিয়াৰ প্ৰতিবাদত গুৱাহাটীত পেট্ৰ’ল পাম্প বন্ধ ঘোষণা কৰিছে(24 Hour Petrol pump closure in Guwahati) ।
![Petrol pump to remain closed in Guwahati today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-petrolpumpclosedinghy-7210645_12052022221859_1205f_1652374139_813.jpg)
১৩ মে'ৰ পুৱা ৫ বজাৰ পৰা ১৪ মে'ৰ পুৱা ৫ বজালৈ গুৱাহাটীত পেট্ৰ'ল পাম্পসমূহ বন্ধ থকাৰ কথা সদৰি কৰে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েশ্যনে(North East India Petroleum Dealers Association) । নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েশ্যনে অভিযোগ কৰা অনুসৰি, তেল কোম্পানীবোৰে কিছুমান অবৈধ বাণিজ্য পদ্ধতিৰ আশ্ৰয় লৈ আছে যিবোৰ নিৰ্ধাৰিত নিয়মৰ বিৰোধী ।
![Petrol pump to remain closed in Guwahati today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-petrolpumpclosedinghy-7210645_12052022221859_1205f_1652374139_863.jpg)
যদি তেল কোম্পানীবোৰে ১৫ মে'ৰ ভিতৰত সঁহাৰি নিদিয়ে আৰু নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েশ্যনৰ দাবী পূৰণ কৰাত বিফল হয়, তেন্তে এছ'চিয়েশ্যনে পুনৰ ১৬ মে'ৰ পুৱা ৫ বজাৰ পৰা পেট্ৰ'ল পাম্পসমূহ অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে ।
লগতে পঢ়ক : অসমৰ ৪.৩২ শতাংশ স্কুলতহে উপলব্ধ ইণ্টাৰনেট