ETV Bharat / city

২৫ ফেব্ৰুৱাৰীত পুনৰ অখিল গগৈক হাজিৰ কৰোৱা হ'ব নিয়াৰ আদালতত

author img

By

Published : Feb 10, 2020, 4:08 PM IST

সোমবাৰে অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালক হাজিৰ কৰোৱা হয় নিয়াৰ আদালতত । মাওবাদীৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কৃষক নেতা অখিল গগৈক পুনৰ ২৫ ফেব্ৰুৱাৰীত হাজিৰ কৰোৱা হ'ব নিয়াৰ আদালতত ।

peasent leader Akhil Gogoi will be produced on NIA court on 25th February
অখিল গগৈক হাজিৰ নিয়াৰ আদালতত

গুৱাহাটী, 10 ফেব্ৰুৱাৰী : মাওবাদীৰে জড়িত থকাৰ অভিযোগত সোমবাৰে অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালক হাজিৰ কৰোৱা হয় নিয়াৰ আদালতত । আদালতে অখিল গগৈক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰি অহা ২৫ ফেব্ৰুৱাৰীত পুনৰ আদালতত হাজিৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰে । আদালতত হাজিৰ কৰোৱা সময়ত কৃষক নেতাগৰাকীয়ে নাগৰিকত্ব (সংশোধনী) আইন, 2019 বিৰোধী আন্দোলন ঐক্যবদ্ধভাবে গঢ়ি তুলিবলৈ আহ্বান জনায় । নাগৰিকত্ব (সংশোধনী) আইন, 2019 বিৰোধী আন্দোলন যাতে বিভাজিত নহয় তাৰ বাবেও আহ্বান জনায় কৃষক নেতা গৰাকীয়ে । খেলপথাৰৰ পৰা ৰাজপথলৈ আন্দোলন আহিব লাগে আৰু চৰকাৰক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ বাধ্য কৰিব লাগে বুলি মন্তব্য কৰে অখিল গগৈয়ে ।

অখিল গগৈক হাজিৰ নিয়াৰ আদালতত
উল্লেখ্য যে কৃষক নেতা অখিল গগৈক যোৱা ১৩ ডিচেম্বৰ তাৰিখে চান্দমাৰী থানাত ৰুজু হোৱা এক গোচৰ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সন্থালৈ হস্তান্তৰ কৰাত উক্ত গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল । একেটা গোচৰত অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালকো গ্ৰেপ্তাৰ কৰা হৈছিল ।

Intro:মাওবাদীৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কৃষক নেতা অখিল গগৈক পুনৰ ২৫ ফেব্ৰুৱাৰীত হাজিৰ কৰোৱা হ'ব নিয়াৰ আদালতত। সোমবাৰে অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালকো হাজিৰ কৰোৱা হয় নিয়াৰ আদালতত।

Body:মাওবাদীৰে জড়িত থকাৰ অভিযোগত সোমবাৰে অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালকো হাজিৰ কৰোৱা হয় নিয়াৰ আদালতত। আদালতে পুনৰ অখিল গগৈক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰি অহা ২৫ ফেব্ৰুৱাৰীত পুনৰ আদালতত হাজিৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। আদালতত হাজিৰ কৰোৱা সময়ত কৃষক নেতা গৰাকীয়ে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ঐক্যবদ্ধ ভাবে গঢ়ি তুলিবলৈ আহ্বান জনায়। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন যাতে বিভাজন নহয় তাৰ বাবেও আহ্বান জনায় কৃষক নেতা গৰাকীয়ে। খেলপথাৰৰ পৰা ৰাজপথলৈ আন্দোলন আহিব লাগে আৰু চৰকাকৰ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ বাধ্য কৰিব লাগে বুলি মন্তব্য কৰে অখিল গগৈয়ে।

বাইট : অখিল গগৈ, কৃষক নেতা

Conclusion:উল্লেখ্য যে কৃষক নেতা অখিল গগৈক যোৱা ১৩ ডিচেম্বৰ তাৰিখে চান্দমাৰী থানাত ৰুজু হোৱা এক গোচৰ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সন্থালৈ হস্তান্তৰ কৰাত উক্ত গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। একেটা গোচৰত অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালকো গ্ৰেপ্তাৰ কৰা হৈছিল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.