ETV Bharat / city

Sanglat Fenla Controversy: নতুন সংস্কৰণত সাল-সলনিৰ অভিযোগ

author img

By

Published : Jan 8, 2022, 7:50 PM IST

পুনৰ বিতৰ্কত মাজত সোমাই পৰিছে পৰাগ কুমাৰ দাসৰ লিখিত অন্যতম জনপ্ৰিয় উপন্যাস ছাংলট ফেনলা (Sanglat Fenla controversy) ৷ উপন্যাসখনৰ নতুন সংস্কৰণত হোৱা কেতবোৰ সাল-সলনিয়ে প্ৰয়াত সাংবাদিকগৰাকীৰ চিন্তা-চেতনাক অন্য দিশলৈ ঢাল খুওৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

Sanglat Fenla controversy
পুণৰ বিতৰ্কত পৰাগ কুমাৰ দাসৰ ছাংলট ফেনলা

গুৱাহাটী, ৮ জানুৱাৰী: অসমৰ ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটক বিষয় হিচাপে লৈ প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসে লিখা উপন্যাস ছাংলট ফেনলা যোৱা তিনিটা দশকত প্ৰকাশিত অসমীয়া ভাষাৰ উপন্যাসসমূহৰ ভিতৰত অন্যতম জনপ্ৰিয় উপন্যাস । ১৯৯৩ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত ছাংলট ফেনলাই জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হোৱাৰ সময়তে আততায়ীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল নিৰ্ভীক সাংবাদিকগৰাকীয়ে । স্বাভাৱিকতে ইয়াৰ পিছত অধিক সংখ্যক পঢ়ূৱৈৰ মন-মগজুত জোকাৰণি তুলিবলৈ সক্ষম হোৱা আন সৃষ্টি কৰ্মৰ লগতে সাংবাদিক পৰাগ কুমাৰ দাসৰ ছাংলট ফেনলা আজিও পঢ়ূৱৈৰ মাজত সমাদৃত । কিন্তু উপন্যাস খনৰ প্ৰকাশৰ সাতাইশ বছৰৰ পিছত তাৰ চিন্তা-চেতনা আন এক ৰূপত নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ষড়যন্ত্ৰ চলাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Serious allegations of conspiracy) ।

প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ছাংলট ফেনলাৰ প্ৰথম প্ৰকাশ (১৯৯৩)ৰ প্ৰকাশক আছিল উদাংশ্ৰী প্ৰকাশন নামৰ এটা সংস্থা । পৰাগ কুমাৰ দাসৰ আন কিতাপসমূহো এই সংস্থাৰ দ্বাৰাই মূলতঃ প্ৰকাশিত হৈছিল । ছাংলট ফেনলাৰ বেটুপাত আঁকিছিল জনপ্ৰিয় কাৰ্টুনিষ্ট উৎপল তালুকদাৰে । এই উপন্যাসখন লেখকে উৎসৰ্গা কৰিছিল সংযুক্ত মুক্তি বাহিনী অসম, চমুকৈ আলফাৰ প্ৰয়াত প্ৰচাৰ সম্পাদক, জনপ্ৰিয় কবি ৰাজেন শৰ্মাৰ নামত । জাতীয় ছহিদৰূপে অভিহিত ৰাজেন শৰ্মা পৰিচিত আছিল উদ্দীপ্ত হাজৰিকাৰূপে । পিছত উপন্যাসখনৰ দ্বিতীয় প্ৰকাশ উলিওৱা হয় ২০১৩ চনত । এইবাৰ প্ৰকাশ কৰে আলিবাট প্ৰকাশন নামৰ আন এটি সংস্থাই । এই প্ৰকাশতো বেটুপাত আৰু উৎসৰ্গা একেই আছিল । উপন্যাসখনৰ তৃতীয় সংস্কৰণ প্ৰকাশ কৰি উলিয়াইছে ৰাজ্যৰ আন এক সম্ভ্ৰান্ত প্ৰকাশন সংস্থা জ্যোতি প্ৰকাশনে । মন কৰিবলগীয়া যে, শেহতীয়াকৈ অসম গ্ৰন্থমেলাত উপলব্ধ ছাংলট ফেনলাৰ বেটুপাত সলনি কৰি নতুনকৈ অঁকোৱা হৈছে আন এগৰাকী শিল্পী মনজিৎ ৰাজখোৱাৰ দ্বাৰা । প্ৰকাশকৰ এই ভূমিকাক লৈ সামাজিক মাধ্যমত ইতিমধ্যে আক্ষেপ প্ৰকাশ কৰিছে প্ৰথম প্ৰকাশৰ বেটুপাত শিল্পী উৎপল তালুকদাৰে । তালুকদাৰৰ মতে তেওঁ উপন্যাসখনৰ ভাৱ-চেতনাৰ লগত সংগতি ৰাখি যি এক প্ৰতিকূল পৰিৱেশত বেটুপাত আঁকিছিল, সেই চেতনাক নতুন বেটুপাতে বিকৃত কৰিছে । আনহাতে, উপন্যাসখনৰ এই শেহতীয়া সংস্কৰণত উৎসৰ্গিত ছহিদ ৰাজেন শৰ্মাক অভিহিত কৰা হৈছে 'ভাৰতীয় বীৰ' ৰূপেৰে । প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসে উপন্যাসখন উৎসৰ্গা কৰিছিল 'জাতীয় ছহিদ ৰাজেন শৰ্মা' ৰ নামত । কিন্তু এইবাৰ প্ৰকাশক জ্যোতি প্ৰকাশন আৰু এই সৃষ্টিকৰ্মৰ স্বতাধিকাৰী প্ৰয়াত দাসৰ পত্নী পূৰৱী দাসে উপন্যাসখন উৎসৰ্গা কৰিছে 'ভাৰতীয় বীৰ ৰাজেন শৰ্মা'ৰ নামত । অৰ্থাৎ উপন্যাসখনৰ এই সংস্কৰণে উল্লেখিত উৎসৰ্গাৰে উপন্যাসখনৰ মূল বিষয়বস্তুকে আনফালে ঢাল খুৱাবলৈ বিচাৰিছে বুলি এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে । যিসকলে যোৱা চাৰিটা দশকৰ অসমৰ সামাজিক আৰু ৰাজনৈতিক ইতিহাসৰ কথা জানে, তেওঁলোকৰ বাবে এই কথা আজি স্বাভাৱিকতে আশ্বৰ্যৰ বিষয় ।

উল্লেখযোগ্য যে, ছাংলট ফেনলাৰ এই নতুন ৰূপ দেখি আশ্বৰ্য প্ৰকাশ কৰি প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ভাতৃ, নিৱন্ধকাৰ পল্লৱ কুমাৰ দাসেও সামাজিক মাধ্যমযোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ স্পষ্ট কৈ লিখিছে যে, ৰাজেন শৰ্মাক পৰাগ কুমাৰ দাসে জাতীয় ছহিদ বুলিহে অভিহিত কৰিছিল, ভাৰতীয় বীৰ বুলি নহয় । ৰাজেন শৰ্মা ওৰফে উদ্দীপ্ত হাজৰিকা আছিল আলফাৰ এজন যোদ্ধাহে । ছাংলট ফেনলাৰ শেহতীয়া সংস্কৰণত ৰাজেন শৰ্মা (Ulfa leader Rajen Sarma) ক 'ভাৰতীয় বীৰ' বুলি প্ৰক্ষেপ কৰিব বিচৰা কাৰ্যই সচেতনজনক আঘাত দিছে ।

মনকৰিবলগীয়া যে গুৱাহাটীত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা অনুষ্ঠিত হৈ থকা 'অসম গ্ৰন্থ মেলা'ত আলফাৰ সংগ্ৰামক লৈ প্ৰকাশিত কেইবাখনো গ্ৰন্থই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে ।‌‌ চাৰিটা দশকৰ পূৰ্বে ভাৰতৰাষ্ট্ৰৰ বিৰুদ্ধে ৰণহুংকাৰ দিয়া আলফা আজি বহুতৰ দৃষ্টিত অপ্ৰাসংগিক হৈ পৰিলেও এই সংগ্ৰামক লৈ সৃষ্ট ৰাজনৈতিক বাগধাৰাই আজিও সচেতনজনক আকৰ্ষিত কৰে । নতুন প্ৰজন্ময়ো উভতি চায় সেই সময়ক । তেনেস্থলত হাতে ঢুকি পোৱা অতীতককে আন দিশে ঢাল খুওৱাৰ প্ৰৱণতাই সচেতনজনক চিন্তিত কৰিছে ।

নতুন সংস্কৰণত সাল-সলনিৰ অভিযোগ

আনহাতে এই সম্পৰ্কত নিজৰ মত প্ৰকাশ কৰিছে ছাংলট ফেনলাৰ তৃতীয় সংকৰণ প্ৰকাশ কৰা জ্যোতি প্ৰকাশন(Jyoti Prakashan)ৰ স্বত্বাধিকাৰী নগেন শৰ্মাই ৷ প্ৰকাশ গৰাকীয়ে ভুল স্বীকাৰ কৰি কয় যে, মূল বেটুপাটখনেই নতুন সংস্কৰণত ৰাখিব লাগিব বুলি তেওলোকে জনা নাছিল ৷ লগতে ‘জাতীয় ছহিদ ৰাজেন শৰ্মা’ৰ পৰিৱৰ্তে ‘ভাৰতীয় বীৰ ৰাজেন শৰ্মা’ হিচাপে প্ৰকাশ কৰাৰ ক্ষেত্ৰতো তেওঁ ভুল স্বীকাৰ কৰি কয় যে ইতিমধ্যেই ইয়াৰ শুধৰণিৰ বাবে আগবঢ়া হৈছে ৷

উল্লেখযোগ্য যে, আততায়ীৰ হাতত প্ৰাণ দিবলগীয়া হোৱাৰ সময়ত প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাস আছিল অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক । গতিকে সাংবাদিকগৰাকীৰ চিন্তা-চেতনাৰ মৰ্মক অক্ষত ৰূপত ৰখাৰ দায়িত্ব সংবাদগোষ্ঠীটোৰ আছিল বুলি কেইবাজনো বিশিষ্ট বাক্তিয়ে মন্তব্য কৰিছে ।‌‌ কিন্তু এই কাকতখনে বিষয়টোক লৈ মৌন হৈ থকা কাৰ্য লক্ষণীয় বুলি বিবেচিত হৈছে । আনহাতে, লক্ষনীয়ভাৱে ছাংলট ফেনলাক আন এক ধৰনে নতুন প্ৰজন্মৰ মাজলৈ নিব বিচৰা জ্যোতি প্ৰকাশনৰ স্বত্বাধিকাৰী, বিশিষ্ট প্ৰকাশক নগেন শৰ্মাক এইবাৰ অসম প্ৰকাশন পৰিষদে আগবঢ়াইছে শ্ৰেষ্ঠ প্ৰকাশকৰ সন্মান ।‌

লগতে পঢ়ক: 26 জানুৱাৰীত বন্ধ নিদিবলৈ আলফা(স্বা) ক আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.