ETV Bharat / city

Parag Kumar Das memorial debate competition : অন্ত পৰিল ৰূপালী জয়ন্তী বৰ্ষ

author img

By

Published : Nov 21, 2021, 9:57 PM IST

পৰাগ কুমাৰ দাস এগৰাকী সুদক্ষ তাৰ্কিকেই নহয় সুবক্তাও আছিল ৷ পৰাগ কুমাৰ দাস স্মৃতি ৰক্ষা সমিতিয়ে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত তৰ্ক প্ৰতিযোগিতা(Parag Kumar Das memorial debate competition)খন অন্ত কৰি আগন্তুক বৰ্ষৰ পৰা পৰাগ কুমাৰ দাস সোঁৱৰণী বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় ।

Parag Kumar Das memorial debate competition
পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা

গুৱাহাটী, ২১ নৱেম্বৰ : অৱশেষত অন্ত পৰিল ২৫ বছৰীয়া পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা(Parag Kumar Das memorial debate competition) ৰ । মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত দেওবাৰে অন্তিমবাৰলৈ অনুষ্ঠিত এই ঐতিহ্যমণ্ডিত তৰ্ক প্ৰতিযোগিতাখনৰ ৰূপালী জয়ন্তী বৰ্ষত ভট্টদেৱ বিশ্ববিদ্যালয়ে প্ৰথম শ্ৰেষ্ঠ দল, গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ে দ্বিতীয় শ্ৰেষ্ঠ দল আৰু যোৰহাটৰ জে বি কলেজে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে ।

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গুঞ্জন ৰাজবংশীয়ে ব্যক্তিগতভাৱে প্ৰথম শ্ৰেষ্ঠ তাৰ্কিক, নেচনেল ল’ বিশ্ববিদ্যালয়ৰ তৌহিদ আলমে দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক আৰু দৰং কলেজৰ মনোজ কুমাৰ বৰুৱাই তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে । উদগণি বঁটা লাভ কৰে বাহনা কলেজৰ সুদীপ্ত শইকীয়াই । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাৰ অধ্যক্ষতাত অনুষ্ঠিত পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২৩ খন কলেজ-বিশ্ববিদ্যালয়ৰ ৪৬ গৰাকী তাৰ্কিকে অংশগ্ৰহণ কৰে ।

দেওবাৰে বিচাৰকৰ দায়িত্ব পালন কৰে ঐতিহ্যমণ্ডিত প্ৰতিযোগিতাখনৰ ১৯৯৮ চনৰ শ্ৰেষ্ঠ তাৰ্কিক তথা বৰ্তমান যোৰহাটৰ নকছাৰি মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ মূৰব্বী ড৹ কুমুদ ঘোষ, প্ৰতিযোগিতাখনৰ ২০০০ চনৰ শ্ৰেষ্ঠ তাৰ্কিক তথা বৰ্তমান এক বহুজাতিক কোম্পানীত নতুন দিল্লীত কৰ্মৰত অভিজিৎ কাশ্যপ বৰা আৰু ২০০০ চনৰ শ্ৰেষ্ঠ তাৰ্কিক তথা বৰ্তমান কলকাতাৰ নিউজ ৱেব পৰ্টেল ট্ৰাইব টুমৰো নেটৱৰ্কৰ মুখ্য সম্পাদক দেৱৰূপা ভট্টাচাৰ্যই । প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি ২৫ বছৰীয়া এই গৌৰৱময় যাত্ৰাক প্ৰতিফলিত কৰাকৈ এখন আটকধুনীয়া ফটো প্ৰদৰ্শনী আৰু স্মৰণিকা প্ৰকাশ কৰা হয় ।

প্ৰতিযোগিতাৰ অন্তত ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান তথা বঁটা বিতৰণী সভা অনুষ্ঠিত হয় । প্ৰতিযোগিতাৰ বিষয় আছিল-‘কেৱল অধিক ক্ষমতা কেন্দ্ৰীভূত কৰাৰ স্বাৰ্থতে কেন্দ্ৰীয় চৰকাৰ উত্তৰ পূব ভাৰতৰ আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানত আগ্ৰহী নহয়’-(Solely for centralizing more power, the Union Government is not interested in resolution of the inter-state border disputes of North -East of India)। পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখন এইবাৰ প্ৰথমবাৰৰ বাবে অনলাইনতো উপলব্ধ হয় ।

প্ৰতিযোগিতাত ব্যক্তিগতভাৱে প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান অৰ্জন কৰা প্ৰতিযোগী তিনিজনে ক্ৰমে নগদ পোন্ধৰ হাজাৰ, দহ হাজাৰ, সাত হাজাৰ টকাৰ উপৰি পৰাগ কুমাৰ দাস স্মাৰক বঁটা লাভ কৰে । দলীয়ভাৱে প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰা কলেজ বা বিশ্ববিদ্যালয়ে পৰাগ কুমাৰ দাস স্মাৰক বঁটাৰ উপৰি লাভ কৰিব চলন্ত বঁটা । পৰাগ কুমাৰ দাস স্মৃতি ৰক্ষা সমিতিৰ সভাপতি উদয়াদিত্য ভৰালীক উদ্যোক্তাসকলে প্ৰতিযোগিতাখনলৈ আগবঢ়োৱা ২৫ বছৰীয়া অৱদানৰ প্ৰতি সন্মান জনাই এখন শৰাই, এৰী চাদৰ, গামোছাৰে সম্বৰ্ধনা জনায় ।

প্ৰতিযোগিতাখনত স্মৰণিকা উন্মোচন আৰু বঁটা বিতৰণ কৰে প্ৰাক্তন ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকা(High Court judge Prashant Kumar Deka ), বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, সমিতিৰ সভাপতি উদয়াদিত্য ভৰালী, জি এন আৰ চিৰ সঞ্চালক ডাঃ নোমল বৰাই । পৰাগ কুমাৰ দাস স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক পৰম প্ৰকাশ গগৈয়ে জনোৱা মতে ছাত্ৰ জীৱনৰ সুদক্ষ তাৰ্কিক পৰাগ কুমাৰ দাস এগৰাকী শক্তিশালী সুবক্তাও আছিল আৰু অহা বছৰৰ পৰা তৰ্ক প্ৰতিযোগিতাখনৰ সলনি পৰাগ কুমাৰ দাস সোঁৱৰণী বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হ’ব ।

লগতে পঢ়ক : পৰাগ কুমাৰ দাসৰ 60 সংখ্যক জন্মদিন উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.