গুৱাহাটী, 17 মাৰ্চ : কাৰাবন্দী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত ন-দিন পূৰ্বে গোলাঘাটৰ পৰা গুৱাহাটীলৈ পদ যাত্ৰা আৰম্ভ কৰিছিল পিন্টু গগৈ, হিৰক জ্যোতি শইকীয়া, প্ৰাঞ্জল বৰা আৰু জিতেন ফুকনে । ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে চাৰিওগৰাকী যুৱক ৷ দলটোৱে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অখিল গগৈক সাক্ষাত কৰিব ৷
পদ যাত্ৰা সম্পৰ্কে পিন্টু গগৈ কয় যে, "গোলাঘাট ইতিহাসিক নুমলীগড়ৰ বাবা থানৰ পৰা ৩০০ কি. মি. পদ যাত্ৰা আৰম্ভ কৰিছিলো । ৰাষ্ট্ৰদ্ৰোহৰ ভুৱা গোচৰত অখিল গগৈক বিগত তিনি মাহ ধৰি কাৰাগাৰত বন্দী কৰি ৰখা হৈছে । অখিল গগৈক বিনা চৰ্তে মুক্তি কৰক ৰাজ্য চৰকাৰে অখিল গগৈ মাওবাদী নহয় ৷ অখিল গগৈ প্ৰতিজন অসমৰ জনতাৰ কণ্ঠ ৷"