ETV Bharat / city

নিযুক্তিৰ নামত হোৱা দুৰ্নীতিৰ অভিযোগক লৈ সৰৱ বিৰোধী

নিযুক্তিকেন্দ্ৰিক দুৰ্নীতি সন্দৰ্ভত এ আই ইউ ডি এফৰ বিধায়কদ্বয় আশ্ৰাফুল হুছেইন আৰু ৰফিকুল ইছলামৰ লগতে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিধানসভা চৌহদত প্ৰতিক্ৰিয়া । বিজেপি চৰকাৰৰ দিনত হোৱা প্ৰতিটো নিযুক্তিৰ আঁৰত আছে দুৰ্নীতি আৰু দালালৰাজ । এই কথা তথ্য সহকাৰে প্ৰমাণ হৈছে ।

Etv Bharat
Etv Bharat
author img

By

Published : Sep 14, 2022, 7:53 PM IST

গুৱাহাটী,১৪ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে নিযুক্তিৰ নামত দুৰ্নীতি হোৱাৰ এটাৰ পাছত আনটোকৈ অভিযোগ উত্থাপন হৈ আহিছে । চৰকাৰখনে যিমানেই স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কৈছে সিমানেই দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন হৈছে (Appointment scam) ।

শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ ২৬ হাজাৰ নিযুক্তিৰ ব‍াবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ ক্ষেত্রত দুৰ্নীতি হোৱাৰ অভিযোগ কৰি গ্ৰেপ্তাৰ হৈ আৰক্ষীৰ জিম্মাত আছে ভিক্টৰ দাস (Victor Das) । ইয়াৰ পাছতো অব্যাহত আছে অভিযোগৰ জোৱাৰ । আনহাতে চাকৰিৰ নামত দালালি কৰা কেইবাজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

নিযুক্তিৰ নামত হোৱা দুৰ্নীতিৰ অভিযোগক লৈ সৰৱ বিৰোধী

ইফালে লখিমপুৰ আৰু ধেমাজিত স্বাস্থ্য বিভাগৰ হোৱা পৰীক্ষাত উকা উত্তৰ বহী জমা দিও চাকৰি পোৱাৰ অভিযোগ উত্থাপন হৈছে । ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰা এই দুৰ্নীতি-অনিয়ম সন্দৰ্ভত বিৰোধীয়ে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিধানসভা চৌহদত (Assam Assembly)আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইন (MLA Ashraful Hussain) আৰু ৰফিকুল ইছলামৰ লগতে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰেও (MLA Zakir Hussain Shikdar)।

সংবাদ মাধ্যমৰ আগত বিধায়ক আশ্ৰাফুল হুছেইনে কয় যে চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ পৰিৱেশ নোহোৱা কৰিব বিচাৰিছে । চৰকাৰে স্বচ্ছ-নিকা নিযুক্তিৰ কথা কৈ আহিছে যদিও বাস্তৱত বিপৰীত ছবি এখনহে দেখা গৈছে । আনহাতে বিধায়ক ৰফিকুল ইছলামে (MLA Rafikul Islam) কয় যে দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ দিয়া অভিযোগকাৰী ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পাছত সাতজন দালালক গ্ৰেপ্তাৰ কৰা হ'ল ।

পুনৰ দুজনক গ্ৰেপ্তাৰ কৰা হ'ল। এতিয়াও কেইবাজনৰ সন্ধানত আছে । দৈনিক চাকৰি কেলেংকাৰীৰ নতুন নতুন অভিযোগ উত্থাপন হৈ আছে । লখিমপুৰত উকা বহী জমা দিয়াজনে চাকৰি পোৱাৰ অভিযোগ উত্থাপন হৈছে । তেওঁ কয় যে এই কথাবোৰৰ চি বি আই তদন্ত হ'ব লাগে ।

ইয়াৰ আঁৰত ডাঙৰ ছিণ্ডিকেট আছে বুলি তেওঁ সন্দেহ প্ৰকাশ কৰে । এই সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে বিজেপি চৰকাৰৰ দিনত হোৱা প্ৰতিটো নিযুক্তিৰ আঁৰত আছে দুৰ্নীতি আৰু দালালৰাজ । এই কথা তথ্য সহকাৰে প্ৰমাণ হৈছে । বিজেপি চৰকাৰে দুৰ্নীতিমুক্তৰ শ্ল'গান দি থাকে যদিও সেইদৰে কাম নকৰে । তেওঁ লগতে কয় যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ (BJP President Bhabesh Kalita) বিৰুদ্ধেও দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক: পাণবজাৰ থানাত জেৰা, সাংবাদিকক চিঞৰি কি ক'লে ভিক্টৰ দাসে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.