ETV Bharat / city

চাকৰি নিযুক্তি : নিৰ্বাচনত বিপদত বিজেপি !

বহুকেইটা নিযুক্তি কেলেংকাৰীয়ে বিপদত পেলাইছে বিজেপি চৰকাৰক ৷ আগন্তুক নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত দলটো বিভিন্ন বিতৰ্কত সাঙুৰ খাই পৰাত চিন্তিত হৈ পৰিছে ৷

বিৰোধী নেতা
দেৱব্ৰত শইকীয়া
author img

By

Published : Oct 28, 2020, 4:12 PM IST

Updated : Oct 29, 2020, 8:06 PM IST

গুৱাহাটী, ২৮ অক্টোবৰ: ইটোৰ পিছত সিটো বিভাগত সংঘটিত নিযুক্তি কেলেংকাৰীয়ে বাৰুকৈয়ে অস্বস্তিত পেলাইছে বিজেপি দল আৰু চৰকাৰক । বিশেষকৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিগত চাৰে চাৰি বছৰীয়া শাসনকালত বাৰম্বাৰ সৃষ্টি হৈছে এনে বিতৰ্ক আৰু কেলেংকাৰী । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, শক্তি বিভাগ, জনসংযোগ বিভাগ, জলসিঞ্চন বিভাগ, গৃহ বিভাগ আদিত বিগত চাৰে চাৰি বছৰে ধাৰাবাহিকভাবে সংঘটিত হৈ আহিছে নিযুক্তি কেলেংকাৰী । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰায় ৯০০ টা পদৰ বাবে ২০১৯ ত অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা । সেই পৰীক্ষাৰ ফলাফল দেখি বহু মেধাবী প্ৰাৰ্থীৰ লগতে সচেতন লোকৰো চকু কপালত উঠিছিল । কিয়নো সেই তালিকা ভৰি আছিল বিজেপি নেতা, মন্ত্ৰী-বিধায়কৰ আত্মীয়ৰ নামেৰে ।

বিজেপি চৰকাৰৰ নিযুক্তি কেলেংকাৰী

একেদৰে জনসংযোগ বিভাগতো নিযুক্তিৰ নামত সংঘটিত হৈছিল ব্যাপক কেলেংকাৰী । পৰৱৰ্তী সময়ত জলসিঞ্চন বিভাগৰ পাঁচশৰো অধিক পদ পূৰণৰ বাবে অনুষ্ঠিত কৰা লিখিত পৰীক্ষাত এনে এক পৰিস্থিতিৰ সৃষ্টি হ'ল যে সমস্ত বিষয়টোৱেই ন্যায়ালয়ৰ মজিয়া পালেগৈ । উত্তৰ প্ৰদেশৰ ব্লেক লিষ্টেড এটা কোম্পানীক চৰকাৰে এই পৰীক্ষা পাতিবলৈ দায়িত্ব দিছিল । আনহাতে, শেহতীয়াকৈ আৰক্ষী বিভাগৰ পৰীক্ষাত সৃষ্টি হোৱা ভয়ংকৰ কেলেংকাৰীয়ে দিছপুৰ পৰ্যন্ত জোকাৰি গ'ল । আৰক্ষীৰ প্ৰশ্নকাকত কেলেংকাৰীত দিছপুৰৰ বহু বাঘা বাঘা নেতা যে জড়িত সেই কথা দিনৰ পোহৰৰ দৰে পৰিস্কাৰ হৈ পৰা স্বত্বেও সেইসকলক তদন্তৰ আওতাত সামৰি লোৱা নহ'ল ।

গতিকে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলক এই ধাৰাবাহিক নিযুক্তি কেলেংকাৰীয়ে বিপদত পেলোৱাৰ আশংকা প্ৰায় ঘনীভূত হৈ পৰিছে । আনহাতে, নিৰ্বাচনত ইয়াৰ পূৰ্ণ সুযোগ ল'বলৈ সাজু হৈছে বিৰোধী কংগ্ৰেছ দল । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মন্তব্য কৰিছে যে, বিগত চাৰে চাৰি বছৰে প্ৰতিটো বিভাগতে নিযুক্তিৰ নামত দিছপুৰৰ পৰাই পৰিচালিত হৈ আহিছে এক বৃহৎ ছিণ্ডিকেট । গতিকে, চাৰে চাৰি বছৰীয়া এই নিযুক্তি কেলেংকাৰীৰ তদন্ত এগৰাকী কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা কৰিবলৈও দাবী জনাইছে বিৰোধী দলপতি গৰাকীয়ে ।

লগতে পঢ়ক : ওলোটাকৈ উৰিল বিজেপিৰ দলীয় পতাকা

Last Updated : Oct 29, 2020, 8:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.