ETV Bharat / city

বানৰ কৱলত অসমৰ 2লাখ জনতা, এজনৰ মৃত্যু

author img

By

Published : May 27, 2020, 8:30 PM IST

Updated : May 27, 2020, 8:55 PM IST

বাৰিষাৰ প্ৰথমটো বানৰ কৱলত পৰিছে ৰাজ্যৰ 11 খনকৈ জিলাৰ প্ৰায় 2 লাখ মানুহ ৷ ইতিমধ্যে বানৰ কৱলত পৰি মৃত্যুমুখত পৰিছে গোৱালপাৰা জিলাৰ ৰংজুলিৰ এগৰাকী লোক ৷ অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰিছে এই তথ্য ৷

বানৰ কৱলত অসমৰ 2লাখ জনতা, এজনৰ মৃত্যু
বানৰ কৱলত অসমৰ 2লাখ জনতা, এজনৰ মৃত্যু

গুৱাহাটী, 27 মে' : ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে বছৰৰ প্ৰথমটো বানে । বৰ্তমানলৈকে ৰাজ্যত বানপানীৰ ফলত প্ৰভাৱিত হৈছে 11খন জিলাৰ 2,71655 গৰাকী লোক ৷ ইতিমধ্যে গোৱালপাৰা জিলাৰ ৰংজুলিত বানৰ ফলত এগৰাকী লোকৰ মৃত্যু হোৱা বুলিও প্ৰকাশ কৰিছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ৷

কৰ'ণা ভাইৰাছৰ সমান্তৰালে ৰাজ্যত বানপানীয়ে সাধাৰণ ৰাইজৰ জীৱন যাপন অধিক কঠিন কৰি তুলিছে । উত্তৰ-পূৱৰ ৰাজ্যসমূহত যোৱা কিছুদিন ধৰি হৈ থকা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি অধিক অৱনতি ঘটিছে ।

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ ফলত ৰাজ্যৰ 11খনকৈ জিলা প্ৰভাৱিত হৈছে । 11খন জিলাৰ 21টা ৰাজহ চক্ৰৰ 321খন গাঁও এতিয়া পানীৰ তলত । ধেমাজি, লখিমপুৰ, নগাঁও, হোজাই, দৰং, বৰপেটা, নলবাৰী, গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বহুটো অঞ্চলত এতিয়া পানীৰ তলত । বছৰৰ প্ৰথমটো বানে ৰাজ্যৰ কৃষিজীৱি ৰাইজলৈ অধিক সংকট কঢ়িয়াই অনা পৰিলক্ষিত হৈছে । ৰাজ্যৰ 2,678 হেক্টৰ কৃষিভূমি বানপানীৰ কৱলত পৰিছে । বানপানীৰ ফলত এতিয়া বহু ৰাইজ ঘৰ এৰি ৰাজপথত আশ্ৰয় ল'বলৈ বাধ্য হৈছে । ৰাজ্যৰ বান প্ৰভাৱিত 11 খন জিলাৰ ভিতৰত গোৱালপাৰা, নলবাৰী আৰু লখিমপুৰ জিলা সবাতোকৈ বেছি প্ৰভাৱিত হৈছে । গোৱালপাৰা জিলাত মেঘালয়ৰ পানীয়ে বহু অঞ্চল প্লাবিত কৰাৰ বিপৰীতে বৃহস্পতিবাৰে নলবাৰী জিলাত বুঢ়াদিয়া নদীয়ে মাথাউৰী চিঙি পেলোৱাত নলবাৰী জিলাৰ বান পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিছে । ৰাজ্যত জীয়া ভৰালী, পুঠিমাৰী আৰু নিমাটিঘাটত ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে ।

Last Updated : May 27, 2020, 8:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.