ETV Bharat / city

মহানগৰীত হোম আইচলেচনত থকা প্ৰথমজন কৰ'ণা ৰোগীৰ মৃত্যু

মহানগৰীৰ পাণ্ডুত কৰণাত আক্ৰান্ত লোক এজনে ব্যক্তিগত চিকিৎসকৰ অধীনত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয় ৷ ইতিমধ্যে স্বাস্থ্য বিভাগে উদ্ধাৰ কৰে লোক জনৰ মৃতদেহ ৷

One COVID-19 Positive Patient Dead At Maligaon
মহানগৰীত হোম আইচলেচনত থকা প্ৰথমজন কৰ'ণা ৰোগীৰ মৃত্যু
author img

By

Published : Jul 21, 2020, 4:50 PM IST

গুৱাহাটী, 21 জুলাইঃ গুৱাহাটী মহানগৰীৰ পাণ্ডু আনন্দ নগৰত হোম আইচলেচনত থকা প্ৰথমজন কৰ'ণা ৰোগীৰ মৃত্যু হয় ৷ নিজ বাসগৃহত ব্যক্তিগত চিকিৎসকৰ অধীনত চিকিৎসাধীন হৈ আছিল মৃত লোক জনে ৷

গুৱাহাটী মহানগৰীত কৰ'ণাই লৈছে ভয়াৱহ ৰূপ । এইবাৰ হোম আইচলেচনত থকা প্ৰথমজন কৰ'ণা ৰোগীৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে । পাণ্ডু আনন্দ নগৰত সংঘটিত হৈছে এই ঘটনাটো । গোৱিন্দ চক্ৰৱৰ্তীৰ নামৰ ৭০ বছৰীয়া লোকজনৰ মৃত্যুৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

মহানগৰীত হোম আইচলেচনত থকা প্ৰথমজন কৰ'ণা ৰোগীৰ মৃত্যু

উল্লেখ্য যে,যোৱা ১১ জুলাইত স্বাৱ টেষ্ট পৰীক্ষা কৰাইছিল লোকজনে । তাৰ পিছত নিজ বাসগৃহত ব্যক্তিগত চিকিৎসকৰ অধীনত চিকিৎসাধীন হৈ আছিল গোৱিন্দ চক্ৰৱৰ্তী । ইফালে সোমবাৰে নিশাৰ ভাগত নিজ বাসগৃহতে মৃত্যু হয় লোকজনৰ । সম্প্ৰতি লোকজনৰ মৃতদেহটো স্বাস্থ্য বিভাগে উদ্ধাৰ কৰে ৷ ইতিমধ্যে লোকজনৰ মৃতদেহটো GMCH লৈ প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে । উক্ত ঘটনাটোৰ বাবে সমগ্ৰ মালিগাঁৱত তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক- কোৱাৰেন্টাইনৰ নিৰ্দেশনা অৱমাননা কৰি নিলম্বিত লাট মণ্ডল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.