গুৱাহাটী, ১০ এপ্ৰিলঃ দেশৰ লগতে ৰাজ্যতো কৰ'ণা ভাইৰাছৰ আতংক । কৰ'ণাৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে দেশত ঘোষণা কৰা হ'ল ২১ দিনীয়া লক্ ডাউন । এতিয়া লক্ ডাউনৰ মাজতে গুৱাহাটী মহানগৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । অত্যাৱশ্যকীয় সেৱাত জড়িত অনুমতি থকা বাহন সমূহৰ চলাচল সীমিতকৰণৰ ব্যৱস্থা গ্ৰহণ প্ৰশাসনৰ ।
বিভাগীয় অনুমতি পত্ৰ থাকিলেও শুকুৰবাৰৰ পৰা যি সমূহ বাহনৰ পঞ্জীয়ন নম্বৰৰ শেষৰ সংখ্যাটো যুগ্ম সংখ্যা, সেইসমূহ বাহনহে চলাচল কৰিব পাৰিব মহানগৰীত । একেদৰে শনিবাৰে অযুগ্ম আৰু দেওবাৰে যুগ্ম সংখ্যাৰে শেষ হোৱা পঞ্জীয়ন নম্বৰৰ বাহন সমূহকহে চলাচলৰ অনুমতি লাভ কৰিব ।
অৱশ্যে এই নিয়মৰ পৰা এম্বুলেন্স, চিকিৎসক, স্বাস্থ্যকৰ্মী, সংবাদ মাধ্যম, কতৰ্ব্যৰত চৰকাৰী বিষয়া কৰ্মচাৰী, পানী কঢ়িওৱা বাহন আৰু মালবাহী ফুল বডীৰ ট্ৰাক সমূহ ৰেহাই দিয়া হৈছে বুলি প্ৰকাশ কৰে অসম আৰক্ষীয়ে ।
ৰাজ্যখনত বৰ্তমালৈকে কৰ'ণা ভাইৰাছত ২৯ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে এজন লোকৰ মৃত্যু হৈছে ।