ETV Bharat / city

গুৱাহাটীত আটক বিহাৰৰ পৰা আহি বাহৰ পতা 6 চিলনী চোৰ

author img

By

Published : Jan 22, 2021, 3:37 PM IST

Updated : Jan 22, 2021, 3:52 PM IST

মহানগৰীত ত্ৰাসৰ সৃষ্টি কৰি অহা ইৰাণী গ্ৰুপৰ বিৰুদ্ধে কামৰূপ জিলা আৰক্ষীৰ অভিযান ৷ কামৰূপ আৰক্ষীয়ে চলোৱা এক অভিযানত আটক হয় ইৰাণী গ্ৰুপৰ 6 সদস্য ৷ বিহাৰৰ পৰা গুৱাহাটীত আহি বাহৰ পাতি আছিল চোৰৰ দলটোৱে ৷

North- Ghy AMINGAON ERANI GROUP  Arrested
গুৱাহাটীত আটক বিহাৰৰ 6 চিলনী চোৰ

বাইহাটা, 22 জানুৱাৰী : মহানগৰীত ত্ৰাসৰ সৃষ্টি কৰি অহা ইৰাণী গ্ৰুপৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে কামৰূপ জিলা আৰক্ষীয়ে ৷ কামৰূপ জিলা আৰক্ষীয়ে শুকুৰাবাৰে কামাখ্যাৰ বাবা ধামৰ সমীপৱৰ্তী এটা ল‘জৰ পৰা আটক কৰিছে 6জন ইৰাণী গ্ৰুপৰ সদস্যক । মহানগৰীৰ পৰাই অপৰাধৰ সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰে ইৰাণী গ্ৰুপে । বিহাৰৰ পৰা গুৱাহাটীত আহি বাহৰ পতা ছয় চিলনী চোৰে মহানগৰীত চলাইছিল উপদ্ৰৱ । পলাশবাৰীত সংঘটিত এক ধন লুটৰ ঘটনা সংঘটিত হোৱাৰ পাছতে কামৰূপ আৰক্ষীৰ অভিযানত জালত পৰে ইৰাণী গ্ৰুপৰ সদস্য কেইটা ৷

গুৱাহাটীত আটক বিহাৰৰ পৰা আহি বাহৰ পতা 6 চিলনী চোৰ

আৰক্ষীয়ে ছয় চিলনী চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱককেইজনৰ পৰা আঠডাল সোণৰ চেইন, দুখন মটৰ চাইকেল, নগদ ৬৪ হাজাৰ টকা, মোবাইল ফোন ,চিমকাৰ্ড জলকীয়া গুৰিৰ পেকেট, বান্দৰ কেকোৱাৰ গুৰি আৰু ভুৱা পৰিচয় পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰা ইৰাণী গ্ৰুপৰ সদস্য কেইজনক সোধপোছ কৰি তদন্ত অব্য়াহত ৰাখিছে ৷

লগতে পঢ়ক: গোলাঘাটত আৰক্ষী আৰু ৰাইজৰ সংঘাত

Last Updated : Jan 22, 2021, 3:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.