ETV Bharat / city

পাঁচ দিনৰ পিছতো সন্ধান পোৱা নাই জি এম চি এইচৰ পৰা অন্তৰ্ধান হোৱা ৭মহীয়া শিশুটিৰ

author img

By

Published : Apr 17, 2022, 9:47 PM IST

এই পৰ্যন্ত কোনো শুংসূত্ৰ উলিয়াব পৰা নাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (Gauhati Medical College Hospital) হাস্পতালৰ পৰা অন্তৰ্ধান হোৱা 7 মহীয়া শিশুটিৰ (missing child from GMCH) ৷ ইতিমধ্যে শিশুটিৰ পৰিয়ালে ভঙাগড় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷ এই এজাহাৰৰ ভিত্তিতে আৰক্ষী অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত মহিলাগৰাকীৰ পৰিচয় উদঘাটন কৰিব পৰা নাই আৰক্ষীয়ে ৷

no-trace-of-missing-child-from-gmch-after-5-days
পাঁচ দিনৰ পিছতো সন্ধান পোৱা নাই জি এম চি এইচৰ পৰা অন্তৰ্ধান হোৱা ৭মহীয়া শিশুটিৰ

গুৱাহাটী, 17 এপ্ৰিল: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (Gauhati Medical College Hospital) হাস্পতালৰ পৰা অন্তৰ্ধান হোৱা 7 মহীয়া শিশুটিৰ এই পৰ্যন্ত কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে । 13 এপ্ৰিলৰ কাহিলি পুৱাতে অন্তৰ্ধান হোৱা শিশুটিৰ (Baby missing from GMCH) বিগত 5 দিনে কোনো সন্ধান পোৱা নাই ।

উল্লেখ্য যে, হাজোৰ কলিতাকুছিৰ নৱ কলিতা আৰু বিজুমণি দাসৰ 7 মহীয়া সন্তান প্ৰিয়ম কলিতা বৃক্ক ৰোগত আক্ৰান্ত হৈছিল৷ যাৰ ফলত বিগত 24 মাৰ্চত শিশুটিক GMCHত ভৰ্তি কৰাইছিল ৷ মঙলবাৰে নিশা শিশুটিয়ে কিছু আমনি কৰাত মাতৃয়ে শিশুটিক পিতৃৰ কাষত থৈ টোপনি গৈছিল ৷

পিতৃয়ে গোটেই নিশা শিশুটিক চোৱা-চিতা কৰে যদিও বুধবাৰে পুৱতি নিশা শিশুটিয়ে পুনৰ আমনি কৰাত তাতে থকা এগৰাকী মহিলাক শিশুটি ল’বলৈ দিছিল । মহিলাগৰাকীৰ হাতত শিশুটি দি পুৱা 4-30 মান বজাত শিশুটিৰ পিতৃৰ টোপনি গৈছিল ৷ পিছে পুৱা 5-30 মান বজাত শিশুটিৰ পিতৃ-মাতৃয়ে সাৰ পাই শিশুটিৰ সৈতে মহিলা গৰাকীক দেখা নাপাই চিকিৎসালয় কৰ্তৃপক্ষক ঘটনাটো অৱগত কৰিছিল (Baby goes missing from pediatric ward in GMCH) ৷

ইফালে মুখত মাস্ক পৰিহিত মহিলা এগৰাকীয়ে শিশুটিক লৈ চিকিৎসালয়খনৰ পৰা ওলাই যোৱা দৃশ্য চিচি কেমেৰাত আৱদ্ধ হৈছে । লগে লগে ঘটনা সন্দৰ্ভত চিকিৎসায় কৰ্তৃপক্ষই ভঙাগড় আৰক্ষী থানাত (Bhangagarh Police Station) এখন এজাহাৰ দাখিল কৰিছিল ৷ এই এজাহাৰৰ ভিত্তিতে আৰক্ষী অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত মহিলাগৰাকীৰ পৰিচয় উদঘাটন কৰিব পৰা নাই আৰক্ষীয়ে ৷

লগতে পঢ়ক: জি এম চি এইছৰ পৰা নিৰুদ্দেশ ৭ মহীয়া শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.