ETV Bharat / city

কমলপুৰত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ - দুই কি:মি: দৈৰ্ঘ

‘পথ নাই ভোট নাই’ শ্ল’গানেৰে উত্তাল কমলপুৰৰ হাবেৰীকুৰাবাসীৰ ৷ আগন্তুত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ ৷

As_kam_Baihata_No_Road_No_Vote_vis_ASC10051
কমলপুৰত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ
author img

By

Published : Mar 22, 2021, 10:15 AM IST

কমলপুৰ,22 মাৰ্চ: কামৰূপ জিলাৰ ৫৬ নং কমলপুৰ বিধানসভা সমষ্টিৰ হাবেৰীকুৰা গাঁৱত ‘পথ নাই ভোট নাই’ শ্ল’গানেৰে গাঁওবাসীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । গাওঁখনৰ শতাধিক পুৰুষ মহিলাই হাবেৰীকুৰা প্ৰাথমিক বিদ্যালয়ৰ সমীপত সমবেত হৈ ভোট বৰ্জনৰ হুংকাৰেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে ।

প্ৰতিবাদকাৰী সকলে গাওঁখনৰ চাৰিওদিশৰ প্ৰৱেশ পথ সমূহত ‘ন' ৰোড ন' ভোট’ শ্লোগান সম্বলিত বেনাৰ আৰি দি ৰাজনৈতিক নেতা তথা দল সমূহৰ গাঁওখনত প্ৰৱেশ বন্ধ কৰি দিয়ে । গাঁওবাসীয়ে কৰা অভিযোগ অনুসৰি স্বাধীনতাৰ ৭৩ টা বছৰ অতিক্ৰম কৰি যোৱাৰ পিচতো গাঁওখনৰ মূল পথটোত এচপৰাও মাটি নপৰিল । যাৰবাবে এজাক বৰষুণ দিলেই গাঁখনৰ মূল পথটোত যাতায়ত কঠিন হৈ পৰে ৷

কমলপুৰত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

কমলপুৰ সমষ্টিৰ প্ৰাণ কেন্দ্ৰ কমলপুৰ চহৰৰ গাতে লাগি থকা হাবেৰীকুৰা গাঁৱৰ প্ৰায় দুই কি:মি: দৈৰ্ঘৰ পথচোৱা বাৰিষাত সময়ত পথ নে পথাৰ ধৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয় । জৰাজীৰ্ণ অৱস্থাৰ বাবে পথচোৱাত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে গাঁওবাসীয়ে । পথটোত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে এম্বুলেঞ্চ অথবা অগ্নি নিৰ্বাপক বাহিনীৰ বাহন গাঁও খনত প্ৰৱেশ কৰিব নোৱাৰে ।

প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে নিৰ্বাচনৰ পূৰ্বে গাঁওবাসীক পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পিছত সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হয় । কি কংগ্ৰেছ , কি বিজেপি , কি এজিপি প্ৰতিটো ৰাজনৈতিক দলৰ বিধায়কে গাঁওবাসীক প্ৰতাৰণা কৰাৰ অভিযোগ তোলে প্ৰতিবাদকাৰী সকলে । সেয়ে ক্ষোভিত গাঁওবাসীয়ে এইবাৰ আগন্তুক বিধানসভা নিৰ্বাচনত কোনো ৰাজনৈতিক দলক ভোট প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক: মাইবাঙত বিজেপিৰ নিৰ্বাচনী জনসভাত বিজেপিৰ প্ৰভাৰী কেদাৰ যোশী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.