ETV Bharat / city

পেটত ভুক, মনত ক্ষোভঃ বান সাহাৰ্যৰ নামত এমুঠি চিৰা - food crisis

ৰঙিয়াত চৰকাৰে বানত জুৰুলা বানাক্ৰান্তক খুৱাইছে গেলা চিৰা । আধা কেজি চিৰা দি চাই-চিতি চলিবলৈ ৰাইজক দিছে পৰাৰ্মশ । পেটত ভোক আৰু মনত ক্ষোভ লৈ জনপ্ৰতিনিধিক বানৰ পাছৰ পৰিস্থিতি চাবলৈ আমন্ত্ৰণ জনালে বানত বিধস্ত ৰাইজে ।

ৰঙিয়াত চৰকাৰে বানত জুৰুলা বানাক্ৰান্তক খুৱাইছে গেলা চিৰা
author img

By

Published : Jul 23, 2019, 9:36 PM IST

ৰঙিয়া, ২৩ জুলাইঃ কামৰূপ জিলাৰ বৃহত্তৰ ৰঙিয়া অঞ্চলত বহু বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহাৰ্য । ৰাজ্যত মহাপ্ৰলয়ৰ সৃষ্টি কৰা সংহাৰী বানপ প্ৰকোপ সাময়িক ভাবে কমিছে যদিও এতিয়াও স্বাভাৱিক জন-জনজীৱনলৈ ঘুৰি যাব পৰা নাই বানাক্ৰান্ত ৷ বৰলীয়া লৈৰ বানত ক্ষতিগ্ৰস্ত হোৱা ৰঙিয়াৰ কলমণি,তাৰাকুছি , বৰকুকুৰীয়া,গোপালপুৰকে ধৰি অৰ্ধশতাধিক গাঁৱৰ শ শ পৰিয়ালে এতিয়াও টিৰপালৰ তলত আশ্ৰয় লব লগীয়া হৈছে ।

ইমানেই নহয় বানত নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা খেতিৰ মাটি । বানত পুখুৰীৰ পৰা মাছ ওলাই যোৱাত হাহাকাৰ লাগিছে মৎস্য পালকসকলৰ । খাদ্যৰ অভাৱত অনাহাৰে থাকিব লগা হৈছে বহু বানাক্ৰান্তই । সমান্তৰালৈ পশু খাদ্যৰো অভাৱ হোৱাত পোহনীয়া জন্তুকলৈ চিন্তিত হৈ পৰিছে বন্যাৰ্ত । কিন্তু বান সাহাৰ্যৰ নামত কেৱল 1 কেজি চিৰা দি বানাক্ৰান্তৰ লগত প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে চৰকাৰ তথা জিলা প্ৰশাসনৰ বিৰুদ্ধে ৷ সেয়ে, প্ৰতাৰক জনপ্ৰতিনিধিক এতিয়া তীব্ৰ ভাষাৰে গৰিহনা দিছে বানত সৰ্বস্ব হেৰুওৱা ৰাইজে ৷

এতিয়া চিৰাই বানাক্ৰান্তৰ অন্তিম ভৰষা

Intro:ৰঙিয়াৰ বহু অঞ্চলৰ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহাৰ্যBody:ৰাজ্যত চৌদিশে বলীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ৰঙিয়াৰ অৰ্ধ শতাধিক গাঁৱত বিস্তৰ ক্ষতিসাধন হৈছে ৷ বৰলীয়া নৈৰ বাঢ়নী পানীত বুৰ গৈছে কলমণি , তাৰাকুছি , বৰকুকুৰীয়া , গোপালপুৰ আদি কেইবাখনো গাঁও ৷ প্ৰলয়ংকাৰী এই বানত শ শ পৰিয়ালৰ ঘৰ-দুৱাৰ বিনষ্ট হৈছে । ঘৰ-দুৱাৰ ভাঙি যোৱা বহু বানাক্ৰান্ত পৰিয়ালে তিৰপালৰ তলত কোনোমতে আশ্ৰয় লৈ আছে । নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা খেতিৰ মাটি । বানত পুখুৰীৰ পৰা মাছ ওলাই যোৱাত হাহাকাৰ লাগিছে মৎস্য পালকসকলৰ । খাদ্যৰ অভাৱত অনাহাৰে থাকিব লগা হৈছে বহু বানাক্ৰান্ত ৰাইজ। পশু খাদ্যৰো অভাৱ হোৱাত পোহনীয়া জন্তুকলৈ চিন্তিত হৈ পৰিছে বন্যাৰ্ত । প্ৰশাসনে যোগান ধৰা নাম মাত্ৰ পশু খাদ্য অতি নিম্ন মানৰ হোৱা বাবে খোৱাৰ অনুপযোগি হৈ পৰিছে । কৃষি প্ৰধান অঞ্চলটোৰ এনে এক অসহায় অৱস্থাৰ বাবে মূৰে-কপালে হাত দিব লগা হৈছে ভুক্তভোগীয়ে। এনেদৰে বানত দুৰ্ভোগ ভুগি থকা ৰাইজৰ অদ‍্যপি কোনো প্ৰশাসনৰ বা জনপ্ৰতিনিধিয়ে খবৰ নোলোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে।
Bite:-বানাক্ৰান্ত ।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.