ETV Bharat / city

ক'ৰণাৰ লগত যুঁজাৰ সমান্তৰালকৈ অপৰাধ নিয়ন্ত্ৰণতো ব্যস্ত মহানগৰ আৰক্ষী

author img

By

Published : Jul 22, 2020, 7:27 PM IST

সকলোতে মহামাৰী ক'ৰণাৰ সংক্ৰমণ । এই সংক্ৰমণ ৰোধৰ বাবে হোৱা যুদ্ধখনত প্ৰথম শাৰীত থাকি যুঁজ দি আহিছে চিকিৎসা কৰ্মী আৰু আৰক্ষীৰ লোকসকলে । দিন ৰাতি একাকাৰ কৰি নিজৰ জীৱনটোকো তুচ্চ কৰি কৰ্তব্যত ব্যস্ত এই সকল ৰণুৱা । সচেতনতাৰে সম্পাদন কৰা কৰ্তব্যৰ মাজতে বহুজনৰ শৰীৰতো প্ৰৱেশ ঘটিছে ক'ভিড ১৯ৰ ভাইৰাছ । কিন্তু ইয়াৰ পিছতো থমকি ৰোৱা ৰোৱা নাই এই সকল নিস্থাবান কৰ্মচাৰী ।

no-difficulty-to-move-against-crime-of-city-police-during-covid
ক'ৰণাৰ লগত যুঁজাৰ সমান্তৰালকৈ অপৰাধ নিয়ন্ত্ৰণতো ব্যস্ত মহানগৰ আৰক্ষী

গুৱাহাটী,২২ জুলাই: ক'ৰণাৰ যুদ্ধখনৰ সমান্তৰালকৈ আৰক্ষীসকল ব্যস্ত আছে অপৰাধ নিয়ন্ত্ৰণতো। কোনো অসুবিধা নোহোৱাকৈয়ে আৰক্ষীয়ে চলাই গৈছে অপৰাধ নিয়ন্ত্ৰণৰ লগতে তদন্ত প্ৰক্ৰিয়া ।

ক'ৰণাত আক্ৰান্ত হৈ কোনোজন আৰক্ষীৰ লোক ক'ভিড চিকিৎসালয়ত থকাৰ বিপৰীতে ক'ভিড আক্ৰান্তৰ সংস্পৰ্শলৈ অহা কোনোজন আৰক্ষী থাকিব লগা হৈছে কোৱাৰেণ্টাইনত । এয়া মাথো এখন থানাৰ ঘটনা নহয়, মহানগৰীৰ বহুকেইখন থানাতে দেখিবলৈ পোৱা গৈছে এই দৃশ্য । ইয়াৰ পিছতো অপৰাধ নিয়ন্ত্ৰণ অথবা তদন্তৰ ক্ষেত্ৰত পিছ হোহকা নাই এই মহানগৰীৰ আৰক্ষী ।

এই প্ৰসংগত দিচপুৰ সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসে জানিবলৈ দিয়া মতে,অপৰাধ নিয়ন্ত্ৰণ তথা তদন্তৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীৰ কোনো সমস্যা সৃষ্টি হোৱা নাই। অৱশ্যে ক'ৰণাৰ এই মহাব্যাধিৰ সময়চোৱাত দিছপুৰ সংমণ্ডল এলেকাত পূৰ্বৰ তুলনাত অপৰাধৰ সংখ্যা হ্ৰাস পাইছে ।

উল্লেখ্য যে মহানগৰ আৰক্ষীৰ বহুকেইখন আৰক্ষী থানাৰ বিষয়া,জোৱান ক'ভিদ আক্ৰান্ত হৈছে । ইয়াৰ পাছতো যোৱা দিন কেইটাত সীমিত আৰক্ষীৰ দ্বাৰাই আইন উলংঘা কৰা 3131 খন বাহন জব্দ কৰাৰ লগতে 19 লাখতকৈ অধিক টকাৰ জৰিমনা সংগ্ৰহৰ আৰু 178 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে ৷ ইয়াৰোপৰি 57 টাকৈ গোচৰ ৰুজু কৰাৰ লগতে মাস্ক পৰিধান নকৰা ব্যক্তিৰ পৰা 2 লাখতকৈ অধিক টকাৰ জৰিমনা সংগ্ৰহ কৰিছে মহানগৰ আৰক্ষীয়ে ।

লগতে চাওকঃ ৰাক্ষসিনীত পথৰ মাজত ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.