ETV Bharat / city

মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত অখিল গগৈৰ !!

author img

By

Published : Mar 17, 2020, 7:28 PM IST

Updated : Mar 17, 2020, 7:41 PM IST

নিয়া আদালতত জামিন মঞ্জুৰ হ'ল কৃষক নেতা অখিল গগৈৰ ৷ কিন্তু জামিন মঞ্জুৰ কৰিলেও এক নতুন গোচৰত সাঙুৰ খাই পৰাৰ সম্ভাৱনা আছে গগৈয়ে ৷

কৃষক নেতা অখিল গগৈ
অখিল গগৈৰ জামিন মঞ্জুৰ

নিউজ ডেস্ক, 17 মাৰ্চ : মঙলবাৰে NIA আদালতে জামিন মঞ্জুৰ কৰিলে কাৰাৰুদ্ধ কৃষকনেতা অখিল গগৈৰ ৷ মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত গগৈক কাৰাৰুদ্ধ কৰা হৈছিল যদিও উপযুক্ত প্ৰমাণ নথকাৰ বাবেই জামিন মঞ্জুৰ কৰা হয় ৷ আনহাতে, 30 হাজাৰ টকা আমানত ধন আৰু এজন সাক্ষীৰ সাক্ষাতৰ ভিত্তিত 2029/13 গোচৰত গগৈৰ জামিন মঞ্জুৰ কৰা হয় ৷ আনহাতে নিয়া আদালতে প্ৰদান কৰা এই জামিন আবেদনৰ প্ৰত্যাহ্বান জনাই নিয়াৰ এগৰাকী অধিবক্তাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ৷

নিয়া আদালতত জামিন মঞ্জুৰ অখিল গগৈৰ

অধিবক্তাই জানিবলৈ দিয়া অনুসৰি, কেৱল অভিযোগৰ ভিত্তিত কোনো ব্যক্তিক কাৰাগাৰত বন্দী কৰি ৰাখিব নোৱাৰে ৷ লগতে অধিবক্তাই জানিবলৈ দিয়া অনুসৰি, বুধবাৰে কাৰাগাৰৰ পৰা মুকলি হোৱাৰ সম্ভাৱনা আছে অখিল গগৈৰ ৷ আনহাতে, অখিল গগৈৰ বিৰুদ্ধে অপৰাধ নিৰীক্ষণ শাখাৰ (CID) লগতে বহুকেইখন থানাত গোচৰ ৰুজু হৈ আছে ৷ সেই গোচৰৰ ভিত্তিত পুনৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা থাকিলেও মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগৰ পৰা মুক্ত হৈছে অখিল গগৈ ৷

কৃষক নেতা অখিল গগৈৰ জামিন মঞ্জুৰ
নিয়া আদালতৰ নিৰ্দেশ

নিয়া আদালতত জামিন মঞ্জুৰ কৰিলেও পুনৰ শিৱসাগৰ সদৰ থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰৰ আদেশ দিয়া হয় অখিল গগৈক ৷ শিৱসাগৰ সদৰ থানাত যোৱা ডিচেম্বৰ মাহত ৰুজু হোৱা 1344/2019 নং গোচৰত ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত ধাৰা 120(বি)/143/150/153/153(এ)/157/158/183/188/291/431 প্ৰয়োগ কৰা হৈছিল ৷ শিৱসাগৰ আৰক্ষীয়ে পৰিৱেশ বিঘ্নিত কৰা, শান্তি-শৃংখলা ভংগ কৰি এক অশান্তিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগত শিৱসাগৰ সদৰ থানাত এই গোচৰ ৰুজু কৰিছিল ৷

পুনৰ নতুন গোচৰত আটক হোৱাৰ সম্ভাৱনা গগৈ

গোচৰ সন্দৰ্ভত শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশে অখিল গগৈক শিৱসাগৰ আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিছিল ৷ নিয়া আদালতে অখিল গগৈক শাৰিৰীকভাৱে শিৱসাগৰত হাজিৰ কৰোৱাৰ পৰিৱৰ্তে জেলৰ পৰা ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে আদালতৰ আগত হাজিৰ কৰাৰ নিৰ্দেশ দিয়ে ৷ এই নিৰ্দেশৰ ভিত্তিত গুৱাহাটীৰ জেলৰ পৰা হাজিৰ হোৱাৰ অন্তত শিৱসাগৰ আদলতে গোচৰ নং 1344/2019 ৰ ভিত্তিত পুনৰ গ্ৰেপ্তাৰ কৰাৰ আদেশ দিয়ে ৷ এই সন্দৰ্ভত শিৱসাগৰ আদালতে পৰৱৰ্তী শুনানি 26 মাৰ্চত গ্ৰহণ কৰিব ৷

আৰু পঢ়ক : বহিঃৰাজ্যত ধৰ্ষণৰ বলি অসমীয়া যুৱতী

Last Updated : Mar 17, 2020, 7:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.