ETV Bharat / city

আগৰতলা পর্যন্ত সম্প্ৰসাৰণ গুৱাহাটী-কলকাতা-গুৱাহাটী এক্সপ্ৰেছ ৰেলসেৱা

আগৰতলাৰ ৰেল সংযোগ অধিক উন্নত কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেয়ে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ আগৰতলা পর্যন্ত গুৱাহাটী-কলকাতা-গুৱাহাটী এক্সপ্ৰেছ ৰেলখনৰ সেৱা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে উত্তৰ-পূব সীমান্ত ৰেলৱেয়ে (Guwahati Kolkata train service extend to Agartala) ৷ ১৩ অক্টোবৰ আগৰতলা ৰেল ষ্টেচনৰ পৰা পুৱা ৯.২৫ বজাত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে শুভাৰম্ভ কৰিব এই ৰেলসেৱা ।

Guwahati Kolkata train service extend to Agartala
আগৰতলা পর্যন্ত সম্প্ৰসাৰণ গুৱাহাটী-কলকাতা-গুৱাহাটী এক্সপ্ৰেছ ৰেলসেৱা
author img

By

Published : Oct 10, 2022, 10:29 PM IST

গুৱাহাটী, ১০ অক্টোবৰ: দেশৰ বাকী প্ৰান্তৰ সৈতে আগৰতলাৰ ৰেল সংযোগ অধিক উন্নত কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেয়ে আগৰতলা পর্যন্ত গুৱাহাটী-কলকাতা-গুৱাহাটী এক্সপ্ৰেছ ৰেলখনৰ সেৱা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে(NFR to extend Guwahati Kolkata train service) । ৰেল নং ০২৫১৮/০২৫১৭ (গুৱাহাটী-কলকাতা-গুৱাহাটী) এক্সপ্ৰেছ ৰেলখন নতুন ৰেল নং ০২৬০২/০২৫০১ (আগৰতলা- কলকাতা-আগৰতলা) এক্সপ্ৰেছ সপ্তাহত এবাৰকৈ আগৰতলা পর্যন্ত সেৱা সম্প্ৰসাৰিত কৰা হ'ব ।

ৰেলকেইখন ২০২৩ৰ ৩০ এপ্রিল লৈকে চলিব । এই সম্প্ৰসাৰণ সেৱাৰ উদ্বোধনী বিশেষ অনুষ্ঠানটো অহা ১৩ অক্টোবৰ আগৰতলা ৰেল ষ্টেচনৰ পৰা পুৱা ৯.২৫ বজাত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে শুভাৰম্ভ কৰিব(President to flag off Agartala Kolkata express) । আগৰতলা আৰু কলকাতাৰ মাজত উদ্বোধনী বিশেষ ৰেলখন অহা ১৩ অক্টোবৰত পুৱা ৯.২৫ বজাত আগৰতলা ষ্টেচনৰ পৰা শুভাৰম্ভ কৰা হ'ব আৰু পৰৱৰ্তী সন্ধিয়া ৬.৫০ বজাত ৰেলখন কলকাতাত গৈ উপস্থিত হ’ব ।

ওভতনি যাত্ৰাৰ দিশত, ৰেলখন ১৪ অক্টোবৰত নিশা ১০.০০ বজাত কলকাতাৰ পৰা যাত্ৰা আৰম্ভ কৰি ১৬ অক্টোবৰত ৮.০০ বজাত আগৰতলাত গৈ উপস্থিত হ’ব । এই উদ্বোধনী বিশেষ ৰেলখন নিউ কৰিমগঞ্জ, নিউ হাফলং, গুৱাহাটী, গোৱালপাৰা টাউন, কোকৰাঝাৰ, নিউ কোচবিহাৰ, কিষাণগঞ্জ, কাটৱা আৰু বান্দেলৰ পথেৰে চলাচল কৰিব । ৰেলখন ১৪ টা ডবাৰ সৈতে চলিব ।

ৰেলখনত এটা প্রথম শ্ৰেণীৰ বাতানুকুলত, পাঁচটা বাতানুকুলত ৩টায়াৰ, ছয়টা শ্লীপাৰ শ্ৰেণীৰ ডবা, এটা সাধাৰণ শ্ৰেণীৰ ডবা আৰু এটা গাৰ্ড কাম লাগেজ ডবা থাকিব । এই ৰেলখনৰ নিয়মীয়াভাৱে চলাচলৰ বাবে ৰেল নং ০২৫০২ (আগৰতলা কলকাতা) এক্সপ্ৰেছ আগৰতলাৰ পৰা প্ৰতি বুধবাৰে পুৱা ৭.৩০ বজাত যাত্ৰা আৰম্ভ কৰি পিছদিনা বিয়লি ৩.০০ বজাত কলকাতাত গৈ উপস্থিত হবগৈ ।

ওভতনি যাত্ৰাৰ দিশত, ৰেল নং ০২৫০১ (কলকাতা-আগৰতলা) এক্সপ্ৰেছ প্রতি দেওবাৰে নিশা ৯.৪০ বজাত কলকাতাৰ পৰা যাত্ৰা আৰম্ভ কৰি মঙলবাৰে পুৱা ৫.১৫ বজাত আগৰতলাত গৈ উপস্থিত হ’ব । বর্তমানে চলাচল কৰি থকা ৰেল নং ০২৫১৮ (গুৱাহাটী কলকাতা) এক্সপ্ৰেছ ৰেলখন প্রতি শনিবাৰে নিশা ৯.০০ বজাত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ৩.০০ বজাত কলকাতাত গৈ উপস্থিত হ’বগৈ ।

ওভতনি যাত্ৰাৰ দিশত, ৰেল নং ০২৫৫৯ (কলকাতা- গুৱাহাটী ) এক্সপ্ৰেছ ৰেলখন প্রতি বৃহস্পতিবাৰে নিশা ৯.৪০ বজাত কলকাতাৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ৪.১৫ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব । এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত আৰু এনটিইএছত উপলব্ধ আছে ৷ উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফর্মতো বিস্তৃত বিৱৰণ প্রকাশ কৰি থকা হৈছে । যাত্রীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ অনুৰোধ জনোৱা হৈছে ।

লগতে পঢ়ক: খহনীয়া ৰোধৰ বাবে বিশেষ আঁচনি প্ৰস্তুতৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.