নিউজ ডেস্ক, ৭ অক্টোবৰ: লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ,যাক গুৱাহাটী আন্তৰ্জাতিক বিমানবন্দৰ বুলিও কোৱা হয়,এই বিমান বন্দৰটো হৈছে উত্তৰ-পূৱ ভাৰতৰ সবাতোকৈ ডাঙৰ আৰু ব্যস্ততম আন্তৰ্জাতিক বিমানবন্দৰ। গুৱাহাটীৰ ভৱিষ্যতৰ দাবী পূৰণ কৰিবলৈ আৰু সম্প্ৰসাৰিত চহৰৰ আন্তঃগাথনিগত বিকাশক আগবঢ়াই নিবলৈ ভাৰতীয় বিমানসেৱা প্ৰাধিকৰণে 1232 কোটি টকা ব্যয়েৰে নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল বিল্ডিং নিৰ্মাণৰ কাম হাতত লৈছে।
![New Guwahati Airport terminal will be capable to handle 10 million passengers](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9086732_ghy1.jpg)
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰে বৰ্তমানে বাৰ্ষিক ছয় মিলিয়নৰো অধিক যাত্ৰী পৰিচালনা কৰে। নতুন টাৰ্মিনেল ভৱনটোৱে কাৰ্য ঘণ্টাত 4300 ঘৰুৱা আৰু 200 আন্তৰ্জাতিক যাত্ৰী আৰু বাৰ্ষিক প্ৰায় 10 মিলিয়ন যাত্ৰী পৰিচালনা কৰিবলৈ সক্ষম হ'ব। 64 টা চেক ইন কাউণ্টাৰ, 20 টা স্ব-চেক ইন কিয়স্ক,ছয়টা বেগেজ কেৰোছেল আৰু 10 খন এৰো ব্ৰীজেৰে সজ্জিত উক্ত টাৰ্মিনেলটো এক শক্তি দক্ষ ভৱন হ'ব। 1,02,500 বৰ্গমিটাৰৰ মুঠ নিৰ্মাণ ক্ষেত্ৰৰ সৈতে টাৰ্মিনেলত দুটা স্তৰ থাকিব,নিম্ন স্তৰত আগমণ আৰু ওপৰৰ স্তৰত প্ৰস্থানৰ ব্যৱস্থা থাকিব। এই দুটা প্ৰাথমিক মহলাৰ উপৰিও আৰু দুটা মহলা হ'ব ৷ টাৰ্মিনেল ভৱনৰ ডিজাইন পৌৰাণিক ইকাৰাছৰ দ্বাৰা অনুপ্ৰাণিত ।
![New Guwahati Airport terminal will be capable to handle 10 million passengers](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9086732_ghy2.jpg)
প্ৰকল্পটোৰ 38% ৰো অধিক কাম সম্পূৰ্ণ হৈছে আৰু নতুন টাৰ্মিনেল ভৱনটো জুন, 2022-ৰ ভিতৰত সাজু হোৱাৰ আশা কৰা হৈছে । ভাৰতৰ আটাইতকৈ দ্ৰুত বিকশিত চহৰ সমূহৰ ভিতৰত গুৱাহাটী বিমানবন্দৰৰ দক্ষিণ পূৱ এছিয়া অঞ্চলৰ সৈতে সংযোগ আছে আৰু আগন্তক বছৰবোৰত অধিক যাত্ৰীক আকৰ্ষিত কৰিব।
লগতে পঢ়ক: ৰাজনীতিৰ নাগপাশত বন্দী 28 শ কোটি টকীয়া 'অৰুণোদয়' আঁচনিঃ দুৰ্লভ চমুৱা