গুৱাহাটী, 20 নৱেম্বৰ : পুনৰ তিনিদিনৰ আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰা হৈছে নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী মৌচুমী চক্ৰৱৰ্তীক । শনিবাৰে নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নীক আদালতত হাজিৰ কৰোৱাৰ পিছতে লতাশিল আৰক্ষীয়ে ৫ দিনৰ জিন্মাত বিচাৰিছিল যদিও আদালতে তিনি দিনৰ আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে পত্নী মৌচুমী চক্ৰৱৰ্তী ।
পূজাৰী নাৰায়ণ চক্ৰৱৰ্তী হত্যাকাণ্ডৰ পৰিকল্পনাৰ লগত পত্নী জড়িত থকাৰ লগতে তৃতীয় ব্যক্ত জড়িত থকাৰ সন্দেহ কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈ কোন সেই তৃতীয় ব্যক্তি উলিয়াব পৰা নাই । তদুপৰি পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ ম’বাইলটো বৰ্তমানলৈ আৰক্ষীয়ে বিচাৰি পোৱা নাই ।
ম’বাইল ফোনটোৰ শেষ অৱস্থিতি আমবাৰী লেম্বৰোডত পোৱা গৈছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে । উল্লেখ্য যে, গুৱাহাটী মহানগৰী পল্টনবজাৰৰ কালিবাৰী ৰেলৱে কলনীত পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ লোমহৰ্ষক হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত পত্নী মৌচুমী চক্ৰৱৰ্তী আৰু জ্যেষ্ঠা কন্যা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।
লগতে পঢ়ক : Narayan Chakraborty murder case : পত্নী-কন্যাক গ্ৰেপ্তাৰ লতাশিল আৰক্ষীৰ