কামৰূপ,19 অক্টোবৰ: বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত লাউকুৰী গাঁৱত শনিবাৰে এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। এই হত্যাকাণ্ডৰ বলি হোৱা দুৰ্ভগীয়া ব্যক্তিগৰাকীৰ নাম পীতাম্বৰ নাথ ।
ঘটনা বিৱৰণী অনুসৰি,ৰঙিয়া থানাৰ অন্তৰ্গত বৰদল গাঁৱৰ পীতাম্বৰ নাথে হাজিৰা কাম কৰিবলৈ লাউকুৰীলৈ গৈছিল। ইয়াৰ পাচতেই মনোজ কলিতা নামৰ ব্যক্তিজনে পীতাম্বৰ নাথক হত্যা কৰি পুখুৰীৰ পাৰত পেলাই থয়। গাঁৱৰ মানুহে মৃত ব্যক্তিজনক দেখা পাই কমলপুৰ আৰক্ষীক খবৰ দিয়ে। লগে লগে কমলপুৰ আৰক্ষীয়ে ঘটনাস্থলী উপস্থিত হৈ তদন্ত কৰি হত্যাকাৰী মনোজ কলিতাক আটক কৰে। ইতিমধ্যে কমলপুৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি হত্যকাৰী মনোজ কলিতাক জেৰা অব্যাহত ৰাখিছে।