ETV Bharat / city

পৰকীয়া প্ৰেম: হত্যাৰ বলি 75 বছৰীয়া বৃদ্ধা - noonmati police station

অবৈধ প্ৰেমৰ পৰিণতিত বোৱাৰীয়েকে শাহুয়েকক হত্যা কৰাৰ অভিযোগ । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মনণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ ৷

murder case in guwahati city
পৰকীয়া প্ৰেম : হত্যাৰ বলি 75 বছৰীয়া বৃদ্ধা
author img

By

Published : Jun 8, 2021, 8:24 PM IST

গুৱাহাটী, ৮ জুন : গুৱাহাটী মহানগৰীত এগৰাকী বৃদ্ধাক নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে । এই ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত ভৱানীপুৰৰ গনেশপুৰত । ভৱানীপুৰৰ গণেশপুৰৰ বাসিন্দা উত্তম কলিতাই ক্ষুদ্ৰ ব্যৱসায় কৰি দৰিদ্ৰ পৰিয়ালটোক পোহপাল দি আছিল । উত্থাপিত অভিযোগ অনুসৰি উত্তম কলিতাৰ পত্নী জোনালী কলিতাৰ ওচৰৰ গুনজিৎ দাস নামৰ লোকজনৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল ।

ইয়াকে লৈ স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈ আছিল । দুই বছৰ পূৰ্বে পত্নী জোনালী কলিতাই স্বামী উত্তম কলিতা আৰু তেওঁৰ মাতৃ সাবিত্ৰী কলিতাক (৭৫) নিৰ্যাতন চলাই ঘৰৰ পৰা উলিয়াই দিয়ে । ঘৰৰ পৰা উলিয়াই দিয়াত মাতৃ-পুত্ৰ মহানগৰীৰ বিভিন্ন ঠাইত আশ্ৰয় লৈ আছিল । ৩১ মাৰ্চত উত্তম কলিতা আৰু তেওঁৰ মাতৃ সাবিত্ৰী কলিতা নিজৰ ঘৰলৈ উভতি আহে যদিও পত্নী জোনালী কলিতাই ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল ।

পৰকীয়া প্ৰেম : হত্যাৰ বলি 75 বছৰীয়া বৃদ্ধা

উপায়হীন হৈ ঘৰৰ কাষতে লাগি থকা ভাগীনৰ ঘৰত উত্তম কলিতা আৰু মাতৃ সাবিত্ৰী কলিতাই আশ্ৰয় লয় । ঘটনা সন্দৰ্ভত উত্তম কলিতাই স্থানীয় উন্নয়ন সমিতিৰ কাষ চাপিছিল যদিও উন্নয়ন সমিতিৰ বিচাৰ পত্নী জোনালী কলিতাই মানি লোৱা নাছিল । ইয়াৰ বিপৰীতে সোমাবাৰে জোনালী কলিতাই নুনমাটি থানাত স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত আৰক্ষীয়ে উত্তম কলিতাক গ্ৰেপ্তাৰ কৰে ।

গ্ৰেপ্তাৰৰ পিছত নিশা ১২ ম‍ান বজাত তেওঁৰ বৃদ্ধা মাতৃ সাবিত্ৰী কলিতাৰ মৃতদেহ তেজেৰে লুতুৰি-পুতুৰি আৰু উলংগ অৱস্থাত স্থানীয় ৰাইজে দেখা পাই আৰক্ষীক খবৰ দিয়ে । আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছ (GMCH) লৈ প্ৰেৰণ কৰে ।

ইপিনে বৃদ্ধা মাতৃক পত্নী জোনালী কলিতা আৰু প্ৰেমিক গুনজিৎ দাসে হত্যা কৰা বুলি উত্তম কলিতাই অভিযোগ উত্থাপন কৰিছে । অৱশ্যে সকলো কথা আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব ।

লগতে পঢ়ক : আনন্দ-অভিজিৎ : চৰ্চাত দুই আৰক্ষী অধীক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.