ETV Bharat / city

হিমন্ত বিশ্ব শৰ্মা পুলিচৰ সেনাপতি আখ্যা সাংসদ অজিত কুমাৰ ভূঞাৰ

author img

By

Published : Feb 21, 2022, 6:26 PM IST

"হিমন্ত বিশ্ব শৰ্মা পুলিচৰ সেনাপতি " এইদৰে সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত আঞ্চলিক গণ মৰ্চাই অনুষ্ঠিত কৰা সংবাদমেলত সাংসদ অজিত কুমাৰ ভূঞাই মন্তব্য কৰে ( Anchalik Gana Morcha organize press conference ) ।

mp-ajit-kumar-bhuyan-critised-cm-himanta-biswa-sarma
মুখ্য়মন্ত্ৰীক সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ

গুৱাহাটী, 21 ফেব্ৰুৱাৰী : "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমোলত অসমৰ সাধাৰণ মানুহৰ জীৱনৰ নিৰাপত্তা শূণ্য হৈ পৰিছে ।" সোমবাৰে অসমত হৈ থকা এনকাউণ্টাৰ আৰু পঞ্চায়ত সন্দৰ্ভত দিছপুৰ প্ৰেছ ক্লাবত আঞ্চলিক গণ মৰ্চাই অনুষ্ঠিত কৰা সংবাদমেলত সাংসদ অজিত কুমাৰ ভূঞাই এইদৰে মন্তব্য কৰে ( Anchalik Gana Morcha adressing press conference ) ।

লগতে, " মুখ্যমন্ত্ৰীয়ে আইন কানুন, বিচাৰক সকলো । হিমন্ত বিশ্ব শৰ্মা পুলিচৰ সেনাপতি ৰূপত অৱৰ্তীৰ্ণ হৈছে ৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ ভিতৰত 3 নম্বৰ ৰাজ্যলৈ আনিব বুলি নিৰ্বাচনত দাংকোব মাৰিছিল । কিন্তু ই কিমান দূৰ সফল হ'ল সেইয়া নাজানো । কিন্তু এনকাউন্টাৰৰ জৰিয়তে ৰাজ্যখনক 3 নম্বৰ স্থানত আনিবলৈ সফল হ'ল মুখ্যমন্ত্ৰী " এই বুলি সংবাদমেলখনত মন্তব্য কৰে সাংসদ অজিত কুমাৰ ভূঞাই (MP Ajit Bhuyan criticized CM Himanta Biswa Sarma) ।

ইয়াৰোপৰি, কীৰ্তি কমল বৰাৰ এনকাউন্টাৰৰ ঘটনাই বহু লোকৰ চকু খুলি দিলে । তেতিয়াহে এনকাউন্টাৰৰ সমৰ্থন কৰাৰ বহুলোকে বুজিলে যে, এনকাউন্টাৰ ৰাজনীতি কিমান ভয়ংকৰ হ'ব পাৰে বুলিও সদৰি কৰে সাংসদগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী শক্তিৰ বাহিনীক আওঁপকীয়াকৈ হত্যা কৰিবলৈ পুলিচ বাহিনীক বন্দুকৰ টিগাৰ টিপিবলৈ উৎসাহিত কৰিছে বুলি এই সংবাদমেলখনৰ জৰিয়তে অভিযোগ উত্থাপন কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই (MP Ajit Bhuyan on encounter in Assam) ৷

তদুপৰি সাংসদগৰাকীয়ে কয় যে, চৰকাৰৰ অপকৰ্মৰ বিৰুদ্ধে অসমৰ ৰাইজ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে । কিন্তু প্ৰতিবাদ কৰিবলৈ ওলাই অহা লোকসকলক ভাবুকি দিবলৈ পুলিচক টিগাৰ টিপিবলৈ ট্ৰেইনিং দিছে মুখ্যমন্ত্ৰীয়ে । অসমত মানুহে এতিয়া মুকলিকৈ কথা ক'বলৈ ভয় কৰে । মুকলিকৈ কথা কোৱাৰ এতিয়া অসমত অৱকাশ নাই । ক্ষমতাই মূৰত ধৰা অপৰিপক্ক ৰাজনীতি ক্ষমতা হেৰুৱাৰ ভয় খালে এনেধৰণৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰে আৰু হিমন্ত বিশ্ব শৰ্মা ইয়াৰ উদাহৰণ ।

ইয়াৰ লগতে, হিমন্ত বিশ্ব শৰ্মাই বুজি উঠক 80 আৰু 90 দশকলৈ উভতি যাব নিবিচাৰে অসমৰ জনতা । প্ৰতিটো এনকাউন্টাৰৰ উচ্চ পৰ্যায়ৰ তদন্তৰ হ'ব লাগে । কীৰ্তি কমল বৰাক বিনা দোষত গুলিওৱাৰ অপৰাধত অতি সোনকালে আনন্দ মিশ্ৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলিও মন্তব্য কৰে সাংসদ অজিত কুমাৰ ভূঞাই ।

লগতে পঢ়ক : ভাবুকিৰে মনোনয়ন প্ৰত্যাহাৰ কৰোৱাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.