ETV Bharat / city

মূল্যবৃদ্ধিৰ প্ৰসংগত পুনৰ বিধায়ক প্ৰশান্ত ফুকনৰ যুক্তি

author img

By

Published : Mar 22, 2022, 9:37 PM IST

বিজেপি বিধায়ক প্ৰশান্ত ফুকনে এতিয়া সময়ে সময়ে নিজৰ স্থিতি সলনি কৰে, বিৰোধীত থকা সময়ত মূল্যবৃদ্ধিক লৈ বিভিন্ন ধৰণে সৰৱতা প্ৰকাশ কৰা ফুকনে এতিয়া মূল্যবৃদ্ধিৰ প্ৰসংগত আগবঢ়াইছে যুক্তি (MLA Prashant Phukan's argument on price hike ) ৷ সবিশেষ চাও আহক ৷

mla-prashant-phukans-argument-on-price-hike
মূল্যবৃদ্ধিৰ প্ৰসংগত পুনৰ বিধায়ক প্ৰশান্ত ফুকনৰ যুক্তি

গুৱাহাটী, ২২ মাৰ্চ: বিৰোধীত থকা সময়ত মূল্যবৃদ্ধিকলৈ বিভিন্ন ধৰণে সৰৱতা প্ৰকাশ কৰা বিজেপি বিধায়ক প্ৰশান্ত ফুকনে এতিয়া সময়ে সময়ে নিজৰ স্থিতি সলনি কৰে। অৱশ্যে এই কথা তেওঁ নিজেও স্বীকাৰ কৰিছে । তেওঁৰ মতে তেওঁ জুলীয়া পদাৰ্থ। যি পাত্রত থয় তাৰেই ৰূপ লয়। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি ষষ্ঠ দিনা মূল্যবৃদ্ধিৰ প্ৰসংগকলৈ সদন উত্তাল হৈ পৰে (price hike issue in Assam assembly)।

পেট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিকলৈ বিৰোধীয়ে সদন উত্তপ্ত কৰি তোলাৰ সময়তে নেমুটেঙাৰ প্ৰসংগ উত্থাপন হয়। নেমুটেঙাৰ মূল্যবৃদ্ধি হোৱাক লৈ শাসকীয় দলৰ বিধায়ক মৃণাল শইকীয়াই বিধানসভাত কয় যে উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰি মূল্য কম বেছি হৈ থাকে। নেমুৰ মুল্যবৃদ্ধি হৈছে। আগতে ঘৰে ঘৰে নেমু টেঙাৰ গছ আছিল। এতিয়া নেমু খেতি নকৰা হ’ল।

টাবতো নেমু ৰুব পাৰি বুলি তেওঁ কয়। ইফালে মূল্যবৃদ্ধিৰ প্ৰসংগত সাংবাদিকৰ আগত বিধায়ক প্ৰশান্ত ফুকনে (MLA Prashant Phukan) কয় যে, সামগ্ৰীৰ মূল্য কম-বেছি হোৱাটো এটা নিয়মীয়া প্ৰক্ৰিয়া। নেমুটেঙাৰ প্ৰসংগত তেওঁ কয় যে নতুনকৈ নেমু ওলাইছে বাবে দাম অলপ বেছি হৈছে । মূল্যবৃদ্ধিৰ প্ৰসংগত তেওঁ বিভিন্ন যুক্তি দাঙি ধৰে। আগতে বিৰোধীত থকা বাবে আন্দোলন কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয়, '' মই জুলীয়া পদাৰ্থ, যি পাত্রতে থ'ব তাৰেই আকাৰ লও।''

কংগ্ৰেছ-এ আই ইউ ডি এফৰ প্ৰসংগত তেওঁ কয় যে এ আইইউডিএফে আগতে কংগ্ৰেছৰ আঁঠু চেলেকিছিল আৰু এতিয়া ভৰিৰ তলুৱা চেলেকিছে । দুয়োটা দল মিলিলেও বিজেপিক মাৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপিৰ গ্ৰহ ইমান ভাল যে কোনো গ্ৰহই বিজেপিক একো কৰিব নোৱাৰে। ৰাজ্যসভাৰ দুয়োখন আসনতে বিজেপি জয়ী হ'ব বুলি তেওঁ দৃঢ়তাৰে কয় ।
লগতে পঢ়ক : জুনৰ ভিতৰত ১৬ হাজাৰ টেট শিক্ষকক নিযুক্তি দিয়া হ'ব: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.