গুৱাহাটী, ২২ ডিচেম্বৰ : অসম-মেঘালয় সীমা সমস্যাৰ সমাধানৰ দাবীত বুধবাৰে বিধানসভাৰ গেটৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বিধায়িকা নন্দিতা দাসে (Nandita Das protests demanding solution of border issue) । তেওঁ অভিযোগ কৰি কয় যে, মেঘালয়ত চামিল হ’ব নােখােজা সীমান্তৰ অসমীয়া লােকক গুলীয়াই মৰাৰ ভাবুকি প্রদান কৰি আহিছে মেঘালয় আৰক্ষী আৰু দুষ্কৃতিকাৰীয়ে (Miscreants threat Assamese people in border area) । অসমৰ বাসিন্দাৰ ওপৰত ধাৰাবাহিকভাৱে আক্রমণ কৰি আহিছে চুবুৰীয়া ৰাজ্যখনৰ দুষ্কৃতিকাৰীয়ে ।
উল্লেখ্য যে, আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিৰ বাবে পদক্ষেপ গ্রহণ কৰা বুলি বিজেপি মিত্রজোঁট চৰকাৰে দাবী কৰি অহাৰ সময়তে বুধবাৰে কংগ্ৰেছ বিধায়িকাগৰাকীয়ে বকোৰ অসম-মেঘালয় সীমান্তত মেঘালয় আৰক্ষী আৰু দুষ্কৃতিকাৰীৰ আগ্রাসনৰ কথা প্রকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁ কয় যে, অসম চৰকাৰে সীমান্তৰ লােকসকলৰ নিৰাপত্তাৰ বাবে শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ গ্রহণ কৰিব লাগে । সীমান্তৰ লোকসকল চৰম নিৰাপত্তাহীনতাত ভুগিছে (Insecure situation in Assam Meghalaya border)।
সীমান্তৰ যিসকল বাসিন্দাই মেঘালয়ত চামিল হ'ব বিচৰা নাই, তেওঁলােকক গুলীয়াই মৰাৰ ভাবুকি দিয়া হৈছে । আক্রমণ সংঘটিত কৰা হৈছে । গাৰাে অধ্যুষিত অঞ্চলত কেইবাটাও এনে ঘটনা সংঘটিত হৈছে । অসমত থাকিব বিচৰা বাবেই অলপতে এগৰাকী মহিলাক আক্রমণ কৰা হয় বুলি সদৰি কৰে বিধায়ক গৰাকীয়ে ।
অসমৰ মাটি কোনো কাৰণতে মেঘালয়ক দিব নালাগে বুলি চৰকাৰৰ ওচৰত দাবী জনায় বিধায়িকা নন্দিতা দাসে । সীমান্তবাসীক চৰকাৰে নিৰাপত্তা দিব পৰা নাই বুলি অভিযােগ কৰি তেওঁ কয় যে, মেঘালয়ৰ ফালৰ পৰা হােৱা ধাৰাবাহিক ভাবুকি, আক্ৰমণৰ বাবে সীমান্তত অতিৰিক্ত আৰক্ষী চকী বৃদ্ধি কৰিবলৈ দাবী জনােৱাৰ লগতে নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধিৰ বাবেও আহ্বান জনোৱা হৈছে । কিন্তু চৰকাৰে বিষয়টোক গুৰুত্ব সহকাৰে লোৱা নাই । সীমান্তৰ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত বুধবাৰে তেওঁ এইদৰে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰা বুলি উল্লেখ কৰে ।
দেখা গৈছে যে সীমাত লাগি থকা প্ৰায় কেইখন ৰাজ্যৰ লগতেই অসমৰ আছে সীমা বিবাদ (Border disputes of Assam)৷ অৰুণাচল, নাগালেণ্ড, মিজোৰাম, মেঘালয় এইকেইখন জিলাৰ সৈতে প্ৰায় নিয়মিতভাৱেই চলি আহিছে সীমা কেন্দ্ৰিক সংঘাত ৷ মাত্ৰ কেইমাহ মান আগতে অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ অঞ্চলত মিজো আৰক্ষী আৰু দুস্কৃতিকাৰীৰ গুলীত নিহত হৈছিল অসম আৰক্ষীৰ ছজনকৈ জোৱান আৰু এজন সাধাৰণ নাগৰিক ৷ একেদৰে মেৰাপানীৰ নাগালেণ্ডৰ সীমান্তত বিধায়ক ৰূপজ্যোতি কুৰ্মীক উদ্দেশ্যি গুলী বৰ্ষণ কৰিছিল নগাই ৷
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সীমা সমস্যা সমাধানৰ বাবে অৰুণাচল, মেঘালয়, মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে মিলিত হোৱা দেখা গৈছে ৷ অসম আৰু মেঘালয়ৰ মাজত থকা সীমা সমস্যা সমাধানৰ বাবে কেতবোৰ পদক্ষেপো গ্ৰহণ কৰিছে দুয়োখন ৰাজ্যৰ চৰকাৰে ৷ দুয়োখন ৰাজ্যৰ সীমান্তৰ ১২ টা এলেকাৰ বিবদমান এলেকা আছে ৷
প্ৰথমে ৬ টা বিবদমান এলেকাৰ সমস্যা সামাধানৰ বাবেহে আগবঢ়া হ'ব । প্ৰথমে চিনাক্ত কৰা ৬ খন ঠাইৰ তিনিখন অসমৰ জিলাৰ আৰু তিনিখন মেঘালয়ৰ জিলাৰ । অসমৰ জিলাকেইখন হৈছে কাছাৰ জিলা, কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য । মেঘালয়ৰ ফালৰ পৰা জিলাকেইখন হৈছে পশ্চিম খাচী পাহাৰ, ৰিভয় জিলাৰ পিলিংকাটা আৰু পূৱ জয়ন্তীয়া পাহাৰ । ৬ টা বিবদমান অঞ্চল হৈছে ক্ৰমে তাৰাবাৰী, গিজাং, হাহিম, বাকলাপাৰা, খানাপাৰা আৰু ৰাতাচেৰা । পৰ্যায়ক্ৰমে দুয়োখন ৰাজ্যৰ সীমান্ত অঞ্চলৰ সমস্যা সমাধা কৰা হ'ব । এই প্ৰক্ৰিয়া কিমান ফলপ্ৰসূ হয় সেয়া সময়তহে লক্ষণীয় হ’ব ৷
লগতে পঢ়ক : Assam Meghalaya border dispute : চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বিধায়িকা নন্দিতা দাসৰ