গুৱাহাটী, 26 মে’: অসমৰ চাহ বাগিচা এলেকাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ আঁচনিৰ অধীনত স্থাপিত কামৰূপ মহানগৰ জিলাৰ আমচং আদৰ্শ হাইস্কুলখন বৃহস্পতিবাৰে উদ্যোগ, বাণিজ্য, পৰিবহন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুকলি কৰে (Minister Chandra Mohan Patwari inaugurates Model high school) ।
![Minister Chandra Mohan Patwari inaugurates Model high school at Amchong Tea Estate](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15395563_hfh.jpg)
এই উদ্বোধনী অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা (Queen Oja in Guwahati) , দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা (MLA Atul Bora in Guwahati) , কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিতি থাকে ৷ নৱনিৰ্মিত আমচং আদৰ্শ হাইস্কুলখনৰ দ্বাৰ উন্মোচন কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, "বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী বিত্ত, শিক্ষা আদি বিভাগৰ মন্ত্ৰী হৈ থাকোতেই চাহ সম্প্ৰদায়ৰ শিক্ষাৰ ক্ষেত্ৰত মৰ্মবেদনা উপলব্ধি কৰিছিল আৰু জ্ঞানৰ পোহৰেৰে উজ্বলোৱাৰ সংকল্প লৈছিল ।"
![Minister Chandra Mohan Patwari inaugurates Model high school at Amchong Tea Estate](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15395563_njfjhgj.jpg)
লগতে চাহ সম্প্ৰদায়ৰ বাবে গ্ৰহণ কৰা বিভিন্ন সুবিধা যেনে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ জলপানী প্ৰদান, ফুটবল একাডেমী স্থাপন, হোষ্টেল স্থাপন, ৰংগমঞ্চ স্থাপন, অতিথিশালা স্থাপন আদিৰ বিষয়ে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি চাহ সম্প্ৰদায়ৰ উন্নয়নৰ বাবে চৰকাৰৰ এনেধৰণৰ কল্যাণকামী কাম-কাজ অনাগত দিনতো চলি থাকিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।
ভাষণ প্ৰসংগত তেওঁ বসুন্ধৰা-২ ৰ জৰিয়তে চাহ সম্প্ৰদায়ৰ লোকক মাটিৰ পট্টা প্ৰদানৰ আশ্বাস দিয়ে । অনুষ্ঠানত ভাষণ দি লোক সভা সমষ্টিৰ সাংসদ কুইন ওজাই বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ উল্লেখ কৰে ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক অতুল বৰাই ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলকো শিক্ষা লাভৰ এই প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰে । বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে আদৰণি ভাষণ আৰু আঁত ধৰা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে ঝুমুৰ, তিৱা আদি নৃত্য প্ৰদৰ্শন কৰে ।
লগতে পঢ়ক : নদীৰ সম্পদ-সম্ভাৱনীয়তাক লৈ গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় 'নদী সন্মিলন'