ETV Bharat / city

Russia Ukraine War : ইউক্ৰেইনৰ পৰা মাতৃভূমি পালেহি অসমৰ আৰু 12 গৰাকী শিক্ষাৰ্থী

author img

By

Published : Mar 4, 2022, 7:35 PM IST

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ অব্যাহত আছে (Russia Ukraine War) । সমগ্ৰ বিশ্ববাসী উদ্বিগ্ন হৈ থকাৰ মাজতে ভাৰত পালেহি অসমৰ আৰু 12 গৰাকী শিক্ষাৰ্থী (Assamese students from Ukraine have arrived in India) ৷

12-assamese-students-from-ukraine-have-arrived-in-india
ইউক্ৰেইনৰ পৰা মাতৃভূমি পালেহি অসমৰ আৰু 12 গৰাকী শিক্ষাৰ্থী

গুৱাহাটী, 4 মাৰ্চ : ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা ইউক্ৰেইন (Russia Ukraine War) ত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে অভিযান অব্যাহত ৰাখিছে । প্ৰতিটোমূহুৰ্ততে ইউক্ৰেইনত আৱদ্ধ অসমৰ লোকসকলক উদ্ধাৰ কৰি আনিবৰ বাবে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰনালয়ৰ সৈতে অসম চৰকাৰে অবিৰতভাৱে যোগাযোগ অব্যাহত ৰাখিছে । ইতিমধ্যে অসমৰ 32 গৰাকী শিক্ষাৰ্থীক সুকলমে উদ্ধাৰ কৰি অসমলৈ উভতাই অনা হৈছে (Assamese students from Ukraine have arrived in India) ৷

শুকুৰবাৰে অসমৰ আৰু 12 গৰাকী শিক্ষাৰ্থী গাজিয়াবাদৰ হিণ্ডন বিমানবন্দৰত উপস্থিত হয় ৷ এই শিক্ষাৰ্থীকেইগৰাকীৰ নাম ক্ৰমে, জগন ভাগৱতী, গৌৰৱ বৰ্মন, অংকুৰজ্যোতি ঠাকুৰীয়া, মুফাচ্ছিৰুল ইছলাম, দেৱব্ৰত শৰ্মা, অনুভা দেৱী, নিবেদিতা স্বৰ্গীয়াৰী, অলকেশ কৌশিক, জোনাক জিজ্ঞাস কাশ্যপ, লাবিব শ্বামিম, মামু হাজৰিকা আৰু অম্লানজ্যোতি দাস । এই 12 গৰাকী শিক্ষাৰ্থী অসম ভৱনত ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু অসম ভৱনৰ পৰাই ৰাজ্য চৰকাৰৰ খৰচত তেওঁলোকক বিমান যোগে গুৱাহাটীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ পাৰমাণৱিক প্ৰকল্পত অগ্নিকাণ্ড

আনহাতে বৃহস্পতিবাৰে নিশা 10.30 বজাত অসমৰ দুগৰাকী শিক্ষাৰ্থী ইউক্ৰেইনৰ পৰা আহি ভাৰতত উপস্থিত হয় । তেওঁলোকক নতুন দিল্লীৰ অসম ভৱনৰ বিষয়াসকলে আদৰণি জনায়। শিক্ষাৰ্থী দুগৰাকীক নতুন দিল্লীৰ পৰা গুৱাহাটীলৈ বিমানযোগে অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । এই শিক্ষাৰ্থী দুগৰাকী ক্ৰমে, ৰামিজ আলম আৰু ৰিতিকা কলিতা৷ শুকুৰবাৰে উদ্ধাৰ কৰা শিক্ষাৰ্থীসকলকে ধৰি বৰ্তমানলৈকে অসমৰ 83 গৰাকী শিক্ষাৰ্থী ইউক্ৰেইনৰ পৰা স্বদেশলৈ ঘূৰি আহিছে বুলি ফেচবুক যোগে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ যে, শেহতীয়াকৈ যুদ্ধজৰ্জৰ ইউক্ৰেইনত অসমৰ 160 গৰাকী লোক আৱদ্ধ হৈ থকাৰ তথ্য লাভ কৰিছে অসম চৰকাৰে (Assamese students trapped in Ukraine) । পৰিয়ালৰ লোককে ধৰি বিভিন্ন উৎসৰ পৰা অসম চৰকাৰে এই তথ্য লাভ কৰিছে যদিও এই সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। যুদ্ধই বিধ্বস্ত কৰি পেলোৱা ইউক্ৰেইনত অধ্যয়নসূত্ৰে থকা অসমৰ শিক্ষাৰ্থীক উদ্ধাৰ কৰি অনাৰ বাবে অসম চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : ইউক্ৰেইনৰ পাৰমাণৱিক শক্তি প্ৰকল্পত গুলীচালনা : তোলপাৰ লাগিছে বিশ্ব ৰাজনীতিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.