ETV Bharat / city

গুৱাহাটীৰ কালাপাহাৰত সংঘটিত হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ - গুৱাহাটীৰ কালাপাহাৰত সংঘটিত হত্যাকাণ্ড

কালাপাহাৰৰ হত্যাকাণ্ডত জড়িত মুল অভিযুক্ত হাছমদ আলীক আজি আৰক্ষীয়ে বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে (main accused of Kalapahar murder case arrested )। আৰক্ষীয়ে হাছমদ আলীৰ পৰা নগদ ১ লাখ ৩৬ হাজাৰ টকাও কৰিছে জব্দ । সবিশেষ জানো আহক ৷

main-accused-of-kalapahar-murder-case-has-been-arrested
গুৱাহাটীৰ কালাপাহাৰত সংঘটিত হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ
author img

By

Published : Feb 13, 2022, 8:36 PM IST

Updated : Feb 13, 2022, 8:51 PM IST

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী: গুৱাহাটীৰ কালাপাহাৰত সংঘটিত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত অৱশেষত আৰক্ষীৰ জালত পৰিল (Police arrests main accused of Kalapahar murder case)। কালাপাহাৰৰ অনু হাজৰিকাৰৰ হত্যাকাণ্ডত জড়িত মুল অভিযুক্ত হাছমদ আলীক আজি আৰক্ষীয়ে বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে হাছমদ আলীৰ পৰা উদ্ধাৰ কৰে নগদ ১ লাখ ৩৬ হাজাৰ টকা । লগতে উদ্ধাৰ কৰে কেইবাটাও মোবাইল ফোন ।

main accused of Kalapahar murder case has been arrested
গুৱাহাটীৰ কালাপাহাৰত সংঘটিত হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্ত‍াৰ

ধনৰ বাবেই পৰিকল্পিতভাৱে সংঘটিত হৈছিল এই হত্যাকাণ্ড । অনু হাজৰিকাৰৰ হত্যাকাণ্ডৰ লগত জড়িত দুজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে । উল্লেখ্য যে, হত্যাকাণ্ডটোৰ লগত জড়িত বাহাৰুল ইছলাম আৰু ৰুবিনা বেগমক আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল । অভিযোগ অনুসৰি, হত্যাকাণ্ডটোত বাহাৰুল ইছলাম আৰু তেওঁৰ ভাতৃ জড়িত আছিল ।

আৰক্ষীৰ সূত্রত প্ৰকাশ হোৱা মতে, পাঁচজন লোকে মিলি অনু হাজৰিকাক হত্যা কৰিছিল । হত্যাকাণ্ড সংঘটিত কৰাৰ ক্ষেত্রত সহায় কৰিছিল ধৃত ৰুবিনা বেগমে । ৰুবিনা বেগম ধৃত বাহাৰুল ইছলামৰ ভাতৃৰ পত্নী। ইফালে সন্দেহৰ আবৰ্তত আছে অনু হাজৰিকাৰ এজন ঘনিষ্ঠ লোক ।

অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত (এডিচিপি) শুভাশীষ বৰুৱাই জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত এতিয়ালৈকে তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে । ধনৰ বাবেই মহিলাগৰাকীক হত্যা কৰা বুলি ধৃত অভিযুক্ত কেইজনে সদৰি কৰিছে । টকা-পইচা, ধন-সোণ নিয়াৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰি কৰে ।

তেওঁ কয় যে, এতিয়ালৈকে চলা আৰক্ষীৰ তদন্তত পাঁচজনে মিলি হত্যাকাণ্ডটো সংঘটিত কৰা বুলি জানিব পৰা গৈছে । দুজন এতিয়াও পলাতক হৈ আছে ।

উল্লেখ্য যে, ৭ ফেব্ৰুৱাৰীত ষাঠিৰ উৰ্ধৰ অনু হাজৰিকাৰ মৃতদেহ গুৱাহাটীৰ কালাপাহাৰ অঞ্চলত থকা নিজা বাসগৃহত উদ্ধাৰ হৈছিল । স্বামী আৰু পুত্ৰৰ মৃত্যুৰ পাছত অনু হাজৰিকাই অকলে বাস কৰিছিল ।

মৃত অনু হাজৰিকা গোপীনাথ নগৰত থকা হীৰা কমপ্লেক্সৰ লগতে বিশাল সা-সম্পত্তিৰ গৰাকী আছিল । সম্পত্তিৰ বাবেই মহিলাগৰাকীক হত্যা কৰা বুলি আৰক্ষীয়ে প্ৰাথমিক তদন্তত সদৰি কৰিছিল । অৱশ্যে এতিয়ালৈকে হত্যাকাণ্ডৰ সৱিশেষ পোহৰলৈ অহা নাই ।

লগতে পঢ়ক : চুলুং হত‍্যাকাণ্ডৰ নতুন মোৰ: দুধৰ্ষ ড্ৰাগছ মাফিয়া আব্দুল মালেক পৰিল আৰক্ষীৰ জালত

Last Updated : Feb 13, 2022, 8:51 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.