গুৱাহাটী, ২৯ ডিচেম্বৰ: পহিলা জানুৱাৰী পৰা বন্ধ হ’ব গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় (Mahendra Mohan Choudhury Hospital to shut down)। চিকিৎসালয়খনক ৮০০ খন বিচনাযুক্ত স্পেচিয়েলিটি চিকিৎসালয়লৈ উন্নীতকৰণ (Upgradation of Mahendra Mohan Chaudhary Hospital) কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে অসম চৰকাৰে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । চিকিৎসালয়খন উন্নীতকৰণ বাবে বন্ধ হোৱাৰ সময়চোৱাত যাতে ৰোগীৰ সমস্যা নহয় তাৰ বাবেও ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ।
সংবাদমাধ্যমক এই কথা জনায় জিএমএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যই । পহিলা জানুৱাৰী পৰা জি এম চি এইচৰ অধীনত আৰম্ভ হ’ব ধীৰেনপাৰা এফ.আৰ.ইউ আৰু পাণ্ডু চিকিৎসালয় সেৱা । ১৩০খন বিচনাযুক্ত হ'ব এই দুখন চিকিৎসালয় । অধ্যক্ষ বৈশ্যই জানিবলৈ দিয়া অনুসৰি দুয়োখন চিকিৎসালয়ত থাকিব এম.এম.চি.এইচৰ কেইবাজনো বিশেষজ্ঞ চিকিৎসক । পূৰ্বে নজন চিকিৎসক থকা ধীৰেণপাৰা এফ আৰ ইউত ১১জন চিকিৎসক নিয়োগ কৰিব জি এম চি এইচ কৰ্তৃপক্ষই ।
আনহাতে পাণ্ডু চিকিৎসালয়তো থাকিব পয্যাপ্ত সুবিধা । উল্লেখ্য যে, প্ৰসূতিসকলৰ সকলোধৰণৰ চিকিৎসা দুয়োখন চিকিৎসালয়তে উপলব্ধ হ’ব ।
লগতে পঢ়ক: Shortage of doctors, nurses in District Hospital : ৪৫ শতাংশ চিকিৎসক আৰু ৫০ শতাংশ নাৰ্ছৰ অভাৱ