ETV Bharat / city

য়েছে দৰজে ঠংচিলৈ অসম সাহিত্য সভাৰ লুম্মেৰ দাই সাহিত্য বঁটা

অসম সাহিত্য সভাৰ অন্যতম এই বিশিষ্ট সন্মান লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ অৰুণাচল প্ৰদেশৰ প্ৰসিদ্ধ অসমীয়া সাহিত্যিক পদ্মশ্ৰী য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে । ১ জুনত মঙলদৈত অসম সাহিত্য সভাই তেওঁক এই বঁটা প্ৰদান কৰিব । বঁটাত আছে এটা স্মাৰক, সম্বর্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা, সম্বর্ধনা বস্ত্ৰ আৰু পঁচিশ হাজাৰ টকাৰ চেক ।

author img

By

Published : May 27, 2022, 8:57 PM IST

য়েছে দৰজে ঠংচিলৈ অসম সাহিত্য সভাৰ লুম্মেৰ দাই সাহিত্য বঁটা
য়েছে দৰজে ঠংচিলৈ অসম সাহিত্য সভাৰ লুম্মেৰ দাই সাহিত্য বঁটা

গুৱাহাটী,২৭ মে': অসম সাহিত্য সভাৰ ২০২১ বৰ্ষৰ লুম্মেই দাই সাহিত্য বঁটা ঘোষণা । অসম সাহিত্য সভাৰ অন্যতম এই বিশিষ্ট সন্মান লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ অৰুণাচল প্ৰদেশৰ প্ৰসিদ্ধ অসমীয়া সাহিত্যিক পদ্মশ্ৰী য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে । সাহিত্য অকাডেমী বঁটা প্ৰাপক তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত য়েছে দৰজে ঠংচিলৈ এই বঁটা আগবঢ়োৱাৰ কথা আজি ঘোষণা কৰে অসম সাহিত্য সভাই ।

১ জুনত মঙলদৈত অসম সাহিত্য সভাই তেওঁক এই বঁটা প্ৰদান কৰিব । এই কথা সদৰি কৰিছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মাই । অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আৰু মঙলদৈ জিলা সাহিত্য সভা তথা মঙলদৈ প্ৰেছ ক্লাবৰ সহযোগত মঙলদৈ জিলা পুথিভঁৰাল প্রেক্ষগৃহত এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানত বঁটাপ্ৰাপক পদ্মশ্ৰী য়েছে দৰজে ঠংচিৰ লগতে কেইবাগৰাকী বিশিষ্ট লেখক-সাহিত্যিক অতিথিৰূপে উপস্থিত থাকিব ।

এই বঁটাত আছে এটা স্মাৰক, সম্বর্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা, সম্বর্ধনা বস্ত্ৰ আৰু পঁচিশ হাজাৰ টকাৰ চেক । দুবছৰৰ মুৰে মুৰে প্ৰদান কৰা এই বঁটা ইয়াৰ আগতে লাভ কৰিছিল স্বৰ্ণ বৰা (২০০৯), বসন্ত দাস (২০১১), কেংচাম কেংলাং (২০১৩), দিলীপ বৰা (২০১৫), তিলোত্তমা মিশ্ৰ (২০১৭) আৰু পদ্মশ্ৰী ৰংবং তেৰাঙে (২০১৯)।

লগতে পঢ়ক: অসম জাতীয় পৰিষদ এৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.