ETV Bharat / city

ইষ্টানবুলত অসমকন্যা লাভলিনাৰ আন এক অভিলেখ

author img

By

Published : May 10, 2022, 4:17 PM IST

অসমকন্যা লাভলিনা বৰগোহাঁয়ে আন এক অভিলেখ ৰচনা কৰিলে সুদুৰ তুৰস্কৰ ইষ্টানবুলত (Boxer Lovelina sets record in Istanbul) । IBA বিশ্ব মহিলা বক্সিঙত ৭০ কেজি শাখাত লাভলিনা বৰগোহাঁয়ে পৰাস্ত কৰিলে প্ৰাক্তন বিশ্ব চেম্পিয়ন চাইনিজ টাইপেৰ চেন নিয়েন চিনক ।

lovlina-defeated-chen-nien-chin-from-chinese-taipei-in-iba-womens-world-boxing-championship
ইষ্টানবুলত অসমকন্যা লাভলিনাৰ আন এক অভিলেখ

নিউজ ডেস্ক, ১০ মে': টকিঅ' অলিম্পিকত পদক জিনি সমগ্ৰ অসমীয়া জাতিৰ শিৰ উচ্চ কৰা অসমকন্যা লাভলিনা বৰগোহাঁয়ে আন এক অভিলেখ ৰচনা কৰিলে সুদুৰ তুৰস্কৰ ইষ্টানবুলত । সমগ্ৰ পৃথিৱীৰ ক্ৰীড়াপ্ৰেমীৰ চকু পুনৰবাৰ নিবদ্ধ হ'ল এই অসমকন্যাৰ ওপৰত ।

সোমবাৰে নিশা ইষ্টানবুলত লাভলিনাই ৭০ কেজি শাখাত পৰাজিত কৰে প্ৰাক্তন বিশ্ব চেম্পিয়ন চাইনিজ টাইপেৰ চেন নিয়েন চিনক । ইষ্টানবুলত অনুষ্ঠিত IBA বিশ্ব মহিলা বক্সিঙত (IBA Women's World Boxing Championship) ৭০ কেজি শাখাত লাভলিনা বৰগোহাঁয়ে পৰাস্ত কৰিবলৈ সক্ষম হয় বক্সিঙৰ এইগৰাকী প্ৰাক্তন বিশ্ব চেম্পিয়নক ।

স্মৰ্তব্য যে ২০২১ ৰ টকিঅ' অলিম্পিকতো লাভলিনা বৰগোহাঁয়ে চীনৰ এইগৰাকী খ্যাতনামা বক্সাৰ চেন নিয়েন চিনক (Chinese Taipei's boxer Chen Nien Chin) পৰাজিত কৰিছিল । স্বাভাৱিকতে বিশ্বৰ এই গুৰুত্বপূৰ্ণ খেলখনত প্ৰাক্তন বিশ্ব চেম্পিয়নগৰাকীক লাভলিনা বৰগোহাঁয়ে পৰাজিত কৰা ঘটনাই লাভলিনাৰ কেৰিয়াৰত আন এক মাত্ৰা প্ৰদান কৰিলে ।

লগতে পঢ়ক: Uber Cup 2022 : কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় শ্বাৰ্টলাৰ পি ভি সিন্ধু বাহিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.