ETV Bharat / city

Lok Sabha Speaker Assam Visit : অসম বিধানসভাত ভাষণ দিব লোকসভাৰ অধ্যক্ষই - Lok Sabha Speaker to address Assam Legislative Assembly

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শুকুৰবাৰে ভাষণ ৰাখিব অসম বিধান সভাৰ মজিয়াত(Lok Sabha Speaker to address Assam Legislative Assembly) ৷ ইয়াৰ পূৰ্বে অধ্যক্ষগৰাকীয়ে বিধানসভা টিভি নামেৰে মুকলি কৰিব এটা ডিজিটেল চেনেলৰ ৷

অসম বিধানসভাত ভাষণ দিব লোকসভাৰ অধ্যক্ষই
অসম বিধানসভাত ভাষণ দিব লোকসভাৰ অধ্যক্ষই
author img

By

Published : Dec 23, 2021, 8:34 PM IST

গুৱাহাটী, ২৪ ডিচেম্বৰ: শুকুৰবাৰে অৰ্থাৎ 24 ডিচেম্বৰত অসম বিধানসভাত ভাষণ দিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই (Lok Sabha Speaker to address Assam Legislative Assembly)। পঞ্চদশ অসম বিধানসভাত শুকুৰবাৰে ভাষণ দিয়াৰ পূৰ্বে পুৱা ১০.৩০ বজাত বিধানসভাৰ চেন্ট্ৰেল হলত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত লোকসভাৰ অধ্যক্ষগৰাকীয়ে বিধানসভা টিভি নামৰ এটা ডিজিটেল চেনেল মুকলি কৰিব (Officially launch the Assam Legislative Digital TV) । ডিজিটেল চেনেলটো মুকলি কৰাৰ পিছতে অধ্যক্ষগৰাকীয়ে সদনৰ মজিয়াত ভাষণ আগবঢ়াব ।

চৰকাৰীভাৱে আৰম্ভ কৰিবলগীয়া বিধানসভা টিভিয়েই হব ৰাজ্যৰ প্ৰথমটো চেনেল । এই চেনেল উদ্বোধনী অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ, মুখ্যমন্ত্ৰী, বিৰোধী দলপতিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।

বিধানসভাৰ মজিয়াত ১২৬ গৰাকী সদস্যৰ সন্মুখত ভাষণ দিয়াৰ পিছত লোকসভাৰ অধ্যক্ষগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ্চ এৱাৰ্ড’ৰ অনুষ্ঠানত ভাগ ল’ব ৷ এই অনুষ্ঠানৰ পিছতে বিয়লি দিল্লীলৈ উভতি যাব অধ্যক্ষ ওম বিৰলা ।

লগতে পঢ়ক: Assam Meghalaya Border issue: বিধানসভাৰ চৌহদত প্ৰতিবাদত বহিল বিধায়িকা নন্দিতা দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.