গুৱাহাটী, 11 জুনঃ কৰ'ণা ভাইৰাছ, লক ডাউনৰ পাচতেই ঘোৰ অন্ধকাৰ নামি আহিছে একাংশ ব্য়ক্তিগত খণ্ডৰ বিদ্য়ালয়ত কৰ্মৰত বহু কৰ্মীৰ জীৱনলৈ । শেহতীয়াকৈ লক ডাউনৰ সুযোগ লৈ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে চাকৰিৰ পৰা অব্যাহতি দিলে বহু কৰ্মচাৰীক ৷ মহানগৰীৰ সোনাই ঘূলিস্থিত নাৰায়ানা ই টেকন' বিদ্যালয়ৰ পৰা অব্যাহতি দিয়া হ'ল বহু কৰ্মচাৰীক ৷
বিনা বেতনে চাকৰিৰ পৰা অব্যাহতি দিয়াক লৈ বৃহস্পতিবাৰে প্ৰতিবাদত বহিল কৰ্মচাৰী সন্থা ৷ বিদ্যালয়ৰ সন্মুখত হাতত প্লে-কাৰ্ড লৈ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গৰজি উঠিল কৰ্মচাৰী সকল ৷
বিদ্যালয় বন্ধ থকাৰ সময়ত সকলো কাম কাজ কৰ্মচাৰী সকলৰ দ্বাৰা কৰোৱাই এতিয়া হঠাতে অব্যাহতি দিয়ে বহু কৰ্মচাৰীক ৷ আনহাতে কোনো ধৰণৰ আগতীয়াকৈ জাননী আৰু পাবলগীয়া দৰমহা আদায় নিদিয়াকৈ কামৰ পৰা অব্যাহতি দিয়া কাৰ্যক লৈ এতিয়া জাঙুৰ খাই উঠিছে কৰ্মচাৰী সন্থা ।
লগতে চাওকঃ দেৱাশীস গগৈৰ হত্যাকাণ্ডৰ লগত জড়িত আন দুই অভিযুক্তক আটক