ETV Bharat / city

কামাখ্যাৰ মাটি ঔৰংজেৱে দিয়াৰ কথা কৈ বিপদত পৰা আমিনুলৰ সমৰ্থনত বিৰোধী দলপতি ! - কামাখ্যাৰ মাটি বিতৰ্ক

কামাখ্যা মন্দিৰৰ লগতে ঔৰংজেৱে কেইবাশ মন্দিৰত মাটি দান কৰিছিল বুলি দেওবাৰে মন্তব্য কৰিছিল ধিঙৰ বিতৰ্কিত বিধায়ক আমিনুল ইছলামে (Aminul Islam on Aurangzeb's contribution to temples) ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই দেওবাৰে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সীমা চেৰাই গৈ কথা নকবলৈ আমিনুল ইছলামক সকীয়নি ৷ সম্প্ৰতি বিধায়ক আমিনুল ইছলামৰ পক্ষত থিয় দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ সবিশেষ জানো আহক ৷

leader-of-the-opposition-debabrata-saikia-stands-with-aminul-islam
কামাখ্যাৰ মাটি ঔৰংজেৱে দিয়াৰ কথা কৈ বিপদত পৰা আমিনুলৰ সমৰ্থনত বিৰোধী দলপতি !
author img

By

Published : Dec 6, 2021, 5:23 PM IST

গুৱাহাটী, ৬ ডিচেম্বৰ : কামাখ্যা মন্দিৰৰ বাবে মোগল সম্ৰাট ঔৰংজেৱে মাটি দান দিছিল বুলি এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে মন্তব্য কৰাৰ পিছত ৰাজ্যৰ ৰাজনীতি তল-ওপৰ হৈছে(Aminul Islam says Aurangzeb contributed to Kamakshya temple) । মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই দেওবাৰে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সীমা চেৰাই গৈ কথা নকবলৈ আমিনুল ইছলামক সকাীয়াই দিয়াৰ লগতে কৈছিল যে আমিনুলে ভাবি চিন্তি কথা নকলে শ্বেৰমান আলি আহমেদৰ দৰে জেলৰ ভাত খাব লাগিব(CM Himanta warned MLA Aminul Islam) ।

মুখ্যমন্ত্ৰীৰ এনে হুংকাৰৰ পিছতে সোমবাৰে বিধায়ক আমিনুল ইছলামৰ পক্ষত থিয় দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া(Debabrata Saikia stands with Aminul Islam) । বিৰোধী দলপতি গৰাকীয়ে কয় যে, এইখন গণতান্ত্ৰিক দেশ । আমিনুল ইছলামে যদি ভুল কথা কৈছে তেন্তে নিশ্চিতভাৱে তাৰ বিচাৰ হব । কিন্তু তাকে নকৰি জেলত ভৰাই থম বুলি কোৱাটো উচিত নহয় । তেওঁ আৰু কয় যে, আমিনুল ইছলামে হয়তো কোনো ভুল কথাও কোৱা নাই ।

কামাখ্যাৰ মাটি ঔৰংজেৱে দিয়াৰ কথা কৈ বিপদত পৰা আমিনুলৰ সমৰ্থনত বিৰোধী দলপতি !

বিধায়ক গৰাকীৰ সমৰ্থনত থিয় দি বিৰোধী দলপতি গৰাকীয়ে পণ্ডিত মহেশ্বৰ নেওগৰ এখন গ্ৰন্থৰো উদ্ধৃতি দি কয় যে, অসম সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা উক্ত গ্ৰন্থখনত উল্লেখ কৰা হৈছে যে পূৰ্বৰ শাসক সকলে কামাখ্যাৰ বাবে যি মাটি আৱন্টন দিছিল, মোগল শাসক সকলে পৰবৰ্তী সময়ত সেই আৱন্টন বাতিল কৰা নাছিল । বৰং নবীকৰণহে কৰিছিল, এটা বেলেগ ধৰ্মৰ শাসকে এইদৰে মন্দিৰৰ মাটি নৱীকৰণ কৰাটো তাৎপৰ্যপূৰ্ণ আছিল বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক : কামাখ্যা মন্দিৰৰ বাবে মাটি দিছিল ঔৰংজেৱে : আমিনুল ইছলাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.