ETV Bharat / city

মাটিৰ চৰকাৰী মূল্য বৃদ্ধিয়ে প্ৰভাৱ পেলাব ৰিয়েল ইষ্টেট খণ্ডত

author img

By

Published : Feb 13, 2022, 8:13 PM IST

ৰাজ্যত মাটিৰ চৰকাৰী মূল্যবৃদ্ধি প্ৰায় অৱশ্যম্ভাৱী হৈ পৰিছে (land price hike in Assam)। অনতিবিলম্বে চৰকাৰে বিচৰা ধৰণেই ৰাজ্যত বৃদ্ধি হ’ব মাটিৰ চৰকাৰী মূল্য। চৰকাৰীভাৱে মাটিৰ মূল্যবৃদ্ধিৰ ফলত খাজনা বৃদ্ধিৰ সমান্তৰালকৈ ফ্লেটৰ পঞ্জীয়ন তথা দামো আকাশলংঘী হ’ব (land price hike impact on real estate sector)। সবিশেষ জানো আহক ৷

land-price-hike-will-impact-on-real-estate-sector
মাটিৰ চৰকাৰী মূল্য বৃদ্ধিয়ে প্ৰভাৱ পেলাব ৰিয়েল ইষ্টেট খণ্ডত

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী : গুৱাহাটীকে ধৰি ৰাজ্যত মাটিৰ চৰকাৰী মূল্যবৃদ্ধি প্ৰায় অৱশ্যম্ভাৱী হৈ পৰিছে ( land price hike in Assam)। এক কথাত ক’বলৈ গ’লে অনতিবিলম্বে চৰকাৰে বিচৰা ধৰণেই ৰাজ্যত বৃদ্ধি হ’ব মাটিৰ চৰকাৰী মূল্য। চৰকাৰীভাৱে মাটিৰ মূল্যবৃদ্ধিৰ ফলত খাজনা বৃদ্ধিৰ সমান্তৰালকৈ ফ্লেটৰ পঞ্জীয়ন তথা দামো আকাশলংঘী হ’ব (land price hike impact on real estate sector)।

ক'ভিডত বিধ্বস্ত হোৱা ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ বাবে চৰকাৰে বিভিন্ন ক্ষেত্রত কৰ-কাতল বৃদ্ধি কৰাৰ লগতে মাটিৰ চৰকাৰী নিৰিখ বৃদ্ধি কৰি ৰাজহ আদায় কৰাৰ ব্যৱস্থা কৰিছে (Revenue generating measures by Assam government) । ইতিমধ্যে মাটিৰ চৰকাৰী মূল্যবৃদ্ধি সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৰাজহুৱা শুনানিও অনুষ্ঠিত কৰিছে ৷ লক্ষণীয়ভাৱে এই শুনানিত গুৱাহাটীত মাটিৰ চৰকাৰী মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি গুৱাহাটী ভূমি সংস্কাৰ কমিটীয়েহে মাত্ৰ এখন স্মাৰক-পত্ৰ দাখিল কৰিছিল।

শীঘ্ৰেই গুৱাহাটী মহানগৰীত চৰকাৰে ধাৰ্য কৰা অনুসৰি মাটিৰ মূল্য বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত। মাটিৰ চৰকাৰী মূল্য বৃদ্ধি পোৱাৰ লগে লগে বিশেষকৈ ৰিয়েল ইষ্টেট খণ্ডটোত বিশেষ প্ৰভাৱ পৰিব ।

এই সন্দৰ্ভত আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভ'লপাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ৰ প্ৰতিষ্ঠাপক সভাপতি পি কে শৰ্মাই কয় যে, এইবাৰ মাটিৰ চৰকাৰী মূল্য অধিক হাৰত কৰাৰ প্ৰস্তাৱ আছে । সেই হাৰত বৃদ্ধি হ'লে ষ্টাম্প ডিউটি বহু বৃদ্ধি পাব । সেইদৰে পঞ্জীয়ণ মাচুলো বহু বৃদ্ধি পাব । মাটিৰ মূল্য বৃদ্ধি কৰাটো এটা নিয়মমাফিক প্ৰক্ৰিয়া যদিও গ্ৰহণযোগ্য হ'লে ভাল হয় ।

প্ৰস্তাৱ কৰা ধৰণে বৃদ্ধি পালে ৰিয়েল ইষ্টেট খণ্ডত প্ৰভাৱ পৰিব। তেওঁ কয় যে ৰিয়েল ইষ্টেট খণ্ডৰ প্ৰথম প্ৰয়োজনীয় বস্তুটোৱেই হৈছে মাটি। মূল্য বৃদ্ধিৰ ফলত নিৰ্মাতাৰ বাবে প্ৰথম প্ৰভাৱ পৰিব মাটি ক্ৰয় কৰোতে। আনহাতে ক্ৰেতাসকলৰ প্ৰভাৱ পৰিব ফ্লেট ক্ৰয় কৰোতে। কাৰণ চাৰ্কোল ৰেট বৃদ্ধি পাব। ফ্লেট ক্ৰয় কৰোতে ক্ৰেতাৰ ওপৰত কৰৰ বোজা বৃদ্ধি পাব ।

মাটিৰ চৰকাৰী মূল্য তিনিশ-চাৰিশ গুণ বৃদ্ধি পালে সেই হাৰত ষ্টাম্প ডিউটি আৰু পঞ্জীয়ণ মাছুল বৃদ্ধি পাব বুলি তেওঁ কয় । উল্লেখ্য যে, ৰাজ্যৰ ৰাজহ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে অলপতে এখন চৰকাৰী জাননী জাৰি কৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তক জনেলভিত্তিক মাটিৰ চৰকাৰী মূল্য বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছিল ।

ৰাজহ বিভাগৰ সেই নিৰ্দেশৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই গুৱাহাটী মহানগৰীৰ পাঁচটা ৰাজহ চক্ৰৰ কাৰ্যালয় ক্ৰমে গুৱাহাটী, দিছপুৰ, সোণাপুৰ, চন্দ্ৰপুৰ আৰু আজাৰাত নতুনকৈ মাটিৰ চৰকাৰী মূল্যৰ খচৰা প্ৰকাশ কৰি জাননী প্ৰকাশ কৰিছিল। এই খচৰাত ৭০০-৯০০ শতাংশ পৰ্যন্ত মাটিৰ চৰকাৰী মূল্যবৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে। উল্লেখ্য যে মাটিৰ চৰকাৰী মূল্য বৃদ্ধিৰ ফলত ভূমি ক্ৰয় বা ফ্লেটৰ পঞ্জীয়ন মূল্যও বৃদ্ধি পাব ।

ফ্লেটৰ প্ৰতিবৰ্গ ফুটৰ মূল্যৰ বৰ্তমানৰ তুলনাত বৃদ্ধি পাব ৷ বৰ্তমান গুৱাহাটীৰ মূল বসতিপ্ৰধান অঞ্চলসমূহত চৰকাৰী হিচাপত প্ৰতিবৰ্গফুটত ১১৪০ টকাকৈ ৭ শতাংশ পঞ্জীয়ন কৰ আদায় দিব লাগে ফ্লেটৰ গ্ৰাহকে। মাটিৰ চৰকাৰী ভেল্যু বৃদ্ধিৰ ফলত প্ৰতিবৰ্গফুটৰ ফ্লেটৰ চৰকাৰী মূল্যও ১১৪০টকাৰ পৰা ৫০০০-৬০০০ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ফলস্বৰূপে গ্ৰাহকে ফ্লেট ক্ৰয়ৰ বিনিময়ত এতিয়াৰে পৰা ৪-৫ লাখ টকা পৰ্যন্ত কেৱল চৰকাৰকে পঞ্জীয়ন মাচুল আদায় দিব লাগিব। ভূমি ক্ৰয়ৰ ক্ষেত্ৰতো একেদৰে পঞ্জীয়ন মাচুল অভাৱনীয় হাৰত বৃদ্ধি হ’ব ।

লগতে পঢ়ক : একচনীয়া পট্টা তৌজিবাহী খাজনা নাইকিয়া কৰাৰ পোষকতা মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.