ETV Bharat / city

হিমন্ত আৰু আজমলৰ মাজত চাচা-ভতিজাৰ সম্পৰ্ক !!

সোমবাৰে ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যই এক সংবাদমেলৰ সম্বোধণ কৰে ৷ সংবাদমেলত ভট্টাচাৰ্যই মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে তেওঁৰ দৰে চকীদাৰ দেশক পুনৰ নালাগে বুলি মন্তব্য কৰে ৷ বৰ্তমান অসমত আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি চলি থকা বুলিও কটাক্ষ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে ৷

author img

By

Published : Apr 1, 2019, 5:45 PM IST

KISHORE BHATTACHARYA'S PRESS MEET

গুৱাহাটী, 1 এপ্ৰিল: সোমবাৰে ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যই এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত ভট্টাচাৰ্যই মোদী চৰকাৰৰ তীব্ৰ সমালোচনা কৰাৰ লগতে তেওঁৰ দৰে চকিদাৰ দেশক পুনৰ নালাগে বুলি মন্তব্য কৰে ৷ যোৱা পাঁচ বছৰৰ বিজেপি দলৰ বিফলতাসমূহ উদঙাই দি জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে কয় যে, মোদী যদি দেশৰ চকিদাৰেই হয় তেনেহ'লে দেশৰ প্ৰতিৰক্ষাৰ লগত জড়িত ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ ফাইল কিদৰে চুৰি হ'ব পালে ৷ দ্বিতীয়তে, মোদী চৰকাৰৰ জন - ধন যোঁজনাৰ অধীনত যিসমূহ একাউন্ট খুলিছিল সেইসমূহ এতিয়া মৃতপ্ৰায় বুলিও তেওঁ মন্তব্য কৰে ৷ দেশৰ ঐতিহ্যমণ্ডিত ক্ষেত্ৰসমূহো বিজেপি চৰকাৰে পূঁজিপতিৰ হাতত তুলি দিছে বুলি অভিযোগ কৰে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ৷ বিমুদ্ৰাকৰণৰ বিফলতাৰ কথাও তেওঁ উল্লেখ্য কৰি কয় যে অসমৰ বাবে বিজেপি দলৰ কোনো অৱদান বৰ্তমানলৈকে ৰাইজে প্ৰত্যক্ষ কৰা নাই ৷

KISHORE BHATTACHARYA'S PRESS MEET

লগতে তেওঁ উল্লেখ কৰে যে, বিজেপিয়ে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ গোপন মিত্ৰতাৰ মিছা অভিযোগ উত্থাপন কৰি নিৰ্বাচন জয়ৰ চেষ্টা চলাইছে । কিন্তু আচলতে বিজেপি আৰু এ আই ইউ ডি এফৰ মিত্ৰতাহে বহু পুৰণি বুলি উল্লেখ কৰি কয় যে আজমল আৰু হিমন্ত বিশ্ব শৰ্মা চাচা - ভতিজা আৰু অসমত এতিয়া চাচা - ভতিজাৰ ৰাজনীতি চলিছে বুলি তেওঁ জনায় ৷ এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ দলে অধিক আসন লাভ কৰিব বুলিও আশাবাদী কিশোৰ ভট্টাচাৰ্য ৷ ধুবুৰী আৰু বৰপেটাৰ আসন কংগ্ৰেছ দলে লাভ কৰি এ আই ইউ ডি এফৰ সৈতে কোনো মিত্ৰতা নাই বুলি অসমৰ ৰাইজক প্ৰমান কৰি দেখুৱাব বুলি তেওঁ মন্তব্য কৰে ৷

Intro:মোদীৰ নিচিনা চকিদাৰ দেশক পুনৰ নালাগে। ৰাজীৱ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যৰ।

Body:লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দল সমূহৰ আক্ৰমণ প্ৰত্যাক্ৰমন আৰম্ভ হৈছে। এফালে শসকীয় দলে যোৱা পাঁচ বছৰৰ নিজৰ সফলতা সমুহ ৰাইজৰ আগত দাঙি পুনৰ ক্ষমতা দখলৰ চেষ্টা চলাইছে আৰু আনফালে বিৰোধীয়ে শসকীয় দলৰ বিফলতা সমূহ উদঙাইছে। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কার্যলায় ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যই এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি যোৱা পাঁচ বছৰত বিজেপি দলৰ বিফলতা সমূহ উদঙাই কয় যে নৰেন্দ্ৰ মোদীৰ নিচিনা চকিদাৰ দেশক পুনৰ নালাগে। ৰেলফ বিমান ক্ৰয়ৰ ফাইল চুৰিৰ পৰা আৰম্ভ কৰি বিমুদ্রাকাৰণৰ বিফলতাৰ উল্লেখ্য কৰি কিশোৰ ভট্টাচাৰ্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰে। কিশোৰ ভট্টাচাৰ্যই অসমৰ ক্ষেত্ৰটো বিজেপি দলৰ কোনো অৱদান বৰ্তমানলৈকে ৰাইজে দেখিবলৈ পোৱা নাই বুলি কয়। বিজেপিয়ে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ গোপন মিত্ৰতাৰ মিছা অভিযোগ উত্থাপন কৰি নিৰ্বাচন জয় হ'বলৈ চেষ্টা চলাইছে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কোনো ধৰণৰ গোপন মিত্ৰতা নাই, বিজেপি আৰু এ আই ইউ ডি এফৰে মিত্ৰতা বহু পুৰণি। এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা চাচা-ভতিজা। অসমত এতিয়া এই চাচা-ভতিজাৰ ৰাজনীতি চলিছে বুলিও মন্তব্য প্ৰকাশ কৰে কিশোৰ ভট্টাচাৰ্যই।

বাইট : কিশোৰ ভট্টাচাৰ্য, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ

Conclusion:অসমত এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে অধিক আসন লাভ কৰিব বুলিও আশাবাদী কিশোৰ ভট্টাচাৰ্যই। কংগ্ৰেছ দলে ধুবুৰী আৰু বৰপেটাৰ আসন জয়লাভ কৰি অসমৰ ৰাইজক কংগ্ৰেছ দলে দেখুৱাই দিব যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত কোনো মিত্ৰতা নাই, কিশোৰ ভট্টাচাৰ্যই সংবাদমেলত এই মন্তব্যও প্ৰকাশ কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.