গুৱাহাটী, 18 মে’: মহানগৰীত প্ৰৱেশৰ কৰাৰ ক্ষেত্ৰত দুৱাৰমুখ স্বৰূপ খানাপাৰাত পথৰ চৰম দুৰৱস্থা। পথৰ মাজত গঢ়ি উঠিছে বৃহৎ-বৃহৎ গাত ৷ ফলত পথেদি চলাচল কৰা যান বাহন চালকসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হ’বলগীয়া হৈছে।

বাৰিষা কালত এনেদৰে ঘাইপথত গাত হোৱা বাবে যান বাহন চালকসকলে বহুত হাৰাশাস্তি ভুগিবলগীয়া হৈছে। কিন্তু কাণষাৰ নাই গড়কাপ্তানী বিভাগৰ ৷ স্বয়ং মহানগৰীতে যদি এই অৱস্থা হয় তেনেহ'লে ৰাজ্যৰ বাকী প্ৰান্তত কি অৱস্থা হ'ব সেয়া সহজে অনুমেয় ৷