ETV Bharat / city

কমলপুৰত প্ৰতিষেধক কেন্দ্ৰ মুকলি স্বাস্থ্য বিভাগৰ

কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ত মুকলি প্ৰতিষেধক কেন্দ্ৰ স্বাস্থ্য বিভাগৰ ৷ অনলাইন যোগে পঞ্জীয়ণ কৰা এশ গৰাকী ব্যক্তিক প্ৰত্যেক দিনে ভেকচিন প্ৰদান কৰা হ’ব কেন্দ্ৰটোত ৷

author img

By

Published : May 8, 2021, 9:15 PM IST

কমলপুৰত প্ৰতিষেধক কেন্দ্ৰ মুকলি স্বাস্থ্য বিভাগৰ
কমলপুৰত প্ৰতিষেধক কেন্দ্ৰ মুকলি স্বাস্থ্য বিভাগৰ

কামৰূপ, 8 মে' : সমগ্ৰ দেশ এতিয়া কৰ'ণাৰ কৰাল গ্ৰাসত । দিনে দিনে বাঢ়ি আহিছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । পূৰ্বে ৪৫ বছৰৰ উৰ্ধৰ ব্যক্তি সকলক প্ৰদান কৰি অহা হৈছিল প্ৰতিষেধক ৷ 1 মে'ৰ পৰা ১৮ বছৰৰ উৰ্ধৰ ব্যক্তিক চৰকাৰে কৰ'ণাৰ প্ৰতিষেধক দিয়াৰ সিদ্ধান্ত লোৱাৰ লগে লগে অতিৰিক্ত প্ৰতিষেধক কেন্দ্ৰ মুকলি কৰিবলৈ লয় ৷

শনিবাৰে বাইহাটা চাৰিআলিৰ কমলপুৰতো কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ত মুকলি কৰে এটা প্ৰতিষেধক কেন্দ্ৰ ৷ অনলাইন যোগে পঞ্জীয়ণ কৰা এশ গৰাকী ব্যক্তিক প্ৰত্যেক দিনে প্ৰতিষেধক প্ৰদান কৰা হ’ব কেন্দ্ৰটোত । ইয়াৰোপৰি স্বাস্থ্য কেন্দ্ৰটোৰ অন্তৰ্গত পুঠিমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, বোৰ্কা সাতগাঁও হাইস্কুল, ডোৰাকহৰা হাইস্কুলতো অতিৰিক্তভাৱে কম সময়ৰ ভিতৰতে প্ৰতিষেধক কেন্দ্ৰ মুকলি কৰিব বুলি ব্যক্ত কৰে স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক : জোনাইত ক'ভিড19ত প্ৰথমজন ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.