গুৱাহাটী, ২৪ আগষ্ট: অসমত দশকৰ পাছত দশক ধৰি ব্যৱসায় কৰি অহা কাবুলীৱালাসকলে শেহতীয়াকৈ নিৰাপত্তাহীনতাৰ লগতে সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে । বিশেষকৈ ডিব্ৰুগড়ত বৈদুল্লা খান নামৰ এজন কাবুলীৱালা গ্ৰেপ্তাৰ হোৱা ঘটনাৰ পাছতে ৰাজ্যখনত থকা কাবুলীৱালাসকলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । উল্লেখ্য যে, ডিব্ৰুগড়ত বৈদুল্লা খানৰ পৰা ঋণ লৈ হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰি এজন যুৱকে আত্মহত্যা কৰিছিল । এই ঘটনাৰ পাছতে সমগ্ৰ কাবুলীৱালা সমাজখনে অপবাদৰ সন্মুখীন হ'বলগীয়া হৈছে ।
ইফালে এই ঘটনাৰ আলম লৈ একাংশ দুষ্টচক্ৰই কাবুলীৱালা সমাজখনৰ বদনাম কৰাৰ বাবে অপচেষ্টা কৰাৰ অভিযোগ উঠিছে । বিশেষকৈ তেওঁলোকৰ ওপৰত বিভিন্ন অপবাদ জাপি দিয়া হৈছে । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া একাংশ ঋণ লোৱা লোকে সুদ দিয়া নাইবা ঋণ ঘূৰাই দিয়াৰ ক্ষেত্ৰত কাবুলীৱালাসকলক বিমুখ কৰাৰ অভিযোগ উত্থাপন হৈছে । এই সন্দৰ্ভত ইটিভি ভাৰতৰ আগত নিজৰ মনৰ কথা ব্যক্ত কৰে ভোক্তভোগী কাবুলীৱালাই । তেওঁ হৈছে গোৱালপাৰৰ কৃষ্ণাইৰ আব্দুল মতিন খান ।
আব্দুল মতিন খানে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত কয় যে, ডিব্ৰুগড়ৰ ঘটনাৰ পাছতে কোনো এক দুষ্টচক্ৰই কাবুলীৱালা সমাজখনক বদনাম কৰাৰ বাবে উঠিপৰি লাগিছে । ইফালে এখন বাতৰি কাকতত এই সন্দৰ্ভত কেতবোৰ বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশন কৰা হৈছে । এনে বাতৰিৰ ফলত সমগ্ৰ কাবুলীৱালা সমাজখনে সমস্যাৰ সন্মুখীন হৈছে । আনহাতে ঋণ লোৱা লোকসকলেও ইয়াৰ সুবিধা গ্ৰহণ কৰি কাবুলীৱালাসকলক বিমুখ কৰিছে বুলি তেওঁ কয় । ফলত প্ৰভাৱিত হৈছে কাবুলীৱালাসকলৰ ব্যৱসায় ।
তেওঁ কয় যে, কাবুলীৱালাসকলে অসমখনক নিজৰ দ্বিতীয় ঘৰ হিচাপে গ্ৰহণ কৰি ইয়াতে থাকি ইয়াৰ লোকসকলৰ লগত মিলাপ্ৰীতিৰে ব্যৱসায় কৰি আহিছে । কাবুলীৱালাৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ নাই । কিন্তু শেহতীয়াকৈ পৰিস্থিতি সলনি হৈছে । তেওঁ কয় যে, এই সন্দৰ্ভত গোৱালপাৰাৰ আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি সবিশেষ অৱগত কৰোৱা হৈছে । আজি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক তেওঁ সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যা সম্পৰ্কে অৱগত কৰে ।
খানে লগতে কয় যে, আমি এই পৰিস্থিতিৰ অৱসান হোৱাটো বিচাৰো । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী । তেওঁ লগতে কয় যে, সমাজত কাবুলীৱালাসকলৰ ভাৱমূৰ্তি বিনষ্ট হোৱা মিছা তথ্য বাতৰি পৰিৱেশন হোৱাটো বন্ধ হ'ব লাগে । আনহাতে আন এজন ভুক্তভোগী জিমাদিন খানে কয় যে, কাবুলীৱালাসকলক বদনাম কৰি ইয়াৰ পৰা আঁতৰ কৰাৰ চক্ৰান্ত কৰা হৈছে ।
অসমত যুগ যুগ ধৰি ব্যৱসায় কৰি অহা কাবুলীৱালাসকলে কেতিয়াও কাৰো অহিত কৰা নাই বুলি জিমাদিন খানে সদৰী কৰে । তেওঁ বৰ্তমান উদ্ভৱ হোৱা এই পৰিস্থিতিৰ অৱসান হৈ শংকামুক্ত হৈ আগৰ দৰেই ব্যৱসায় কৰি যাব পৰাতো আশা কৰাৰ কথা জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : অসমৰ চাৰিগৰাকী লেখকলৈ সাহিত্য অকাডেমীৰ যুৱ আৰু শিশু সাহিত্য বঁটা