ETV Bharat / city

হাতীগাঁও আৰক্ষীৰ হাতৰ পৰা পলাল আছামী - গুৱাহাটী

যৌতুকজনিত গোচৰৰ ভিত্তিত জুৱেল খান নামৰ এজন আছামীক মঙলবাৰে আটক কৰিছিল হাতীগাঁও আৰক্ষীয়ে । বুধবাৰে পুৱা মেডিকেল কৰিবলৈ নিয়াৰ সময়তে আৰক্ষীৰ হাতৰ পৰাই পলায়ন কৰে আছামীজনে ।

হাতীগাঁও আৰক্ষীৰ হাতৰ পৰা পলাল আছামী
author img

By

Published : Aug 1, 2019, 8:07 AM IST

গুৱাহাটী, 31 জুলাই: পুনৰ বিতৰ্কৰ আৱৰ্তত হাতীগাঁও আৰক্ষী থানা ৷ এইবাৰ থানাৰ পৰাই পলাল আছামী ৷ বিগত কেইদিনমানৰ আগত এগৰাকী মহিলাৰ পৰা 20 লাখ টকা লৈ উধাও হৈ থানা খনৰ দুগৰাকী আৰক্ষী উপ-পৰিদৰ্শক গ্ৰেপ্তাৰ হোৱা বিষয়টো মাৰ নৌযাঁওতেই থানাৰ পৰা আছামী পলোৱা ঘটনাই পুনৰ বিতৰ্কত পেলাইছে হাতীগাঁও আৰক্ষী থানাক ৷

জানিব পৰা মতে যৌতুকজনিত গোচৰৰ অভিযোগত জুৱেল খান নামৰ আছামীক মঙলবাৰে আটক কৰে হাতীগাঁও আৰক্ষীয়ে । পাছত বুধবাৰে পুৱা জুৱেলক মেডিকেল কৰিবলৈ নিয়াৰ সময়তেই আৰক্ষীৰ হাতৰ পৰাই পলায়ন কৰে আছামী জুৱেলে । উল্লেখযোগ্য যে জুৱেলে পত্নী সুস্মিতা ৰাজবংশী খানক দীৰ্ঘদিনৰ পৰাই যৌতুকৰ বাবে উপৰ্যুপৰি নিৰ্যাতন চলাই আহিছিল আৰু কিছুদিন পূৰ্বে হস্পিতালত মৃত্যু ঘটিছিল সুস্মিতাৰ। পাছত ঘটনা সন্দৰ্ভত সুস্মিতাৰ মাতৃ ৰঞ্জিতা বৰা ৰাজবংশীৰ গোচৰ নম্বৰ ৫৪০/১৯ৰ ২০৪ (B)/৩৪ ধাৰাৰ ভিত্তিত জুৱেলক আটক কৰে।

Intro:সোপাধিলা হাতীগাঁও আৰক্ষী: এইবাৰ হাতীগাঁও আৰক্ষীৰ হাতৰ পৰা পলাল আছামী

Body:কি হৈছে হাতীগাঁও আৰক্ষী থানাত? কিছুদিন পূৰ্বে হাতীগাঁও আৰক্ষী থানাৰ দুগৰাকী আৰক্ষী উপ-পৰিদৰ্শক আৰু এগৰাকী গৃহৰক্ষী জোৱানে মিজো মহিলা এগৰাকীৰ পৰা 20 লাখ টকা লৈ উধাও হোৱাত আটাইকেইজন দিছপুৰ আৰক্ষীৰ জালত পৰাৰ সাতদিন পিছতেই এইবাৰ আকৌ হাতীগাঁও আৰক্ষী থানাৰ পৰা পলাল আছামী। জানিব পৰা মতে যৌতুকজনিত গোচৰৰ অভিযোগত জুৱেল খান নামৰ আছামীজনক মঙ্গলবাৰে আটক কৰে হাতীগাঁও আৰক্ষীয়ে। পাছত বুধবাৰে পুৱা জুৱেলক মেডিকেল কৰিবলৈ নিওতে আৰক্ষীৰ হাতৰ পৰাই পলায়ন কৰে। উল্লেখযোগ্য যে জুৱেলৰ পত্নী সুস্মিতা ৰাজবংশী খানক দীৰ্ঘদিনৰ পৰাই যৌতুকৰ বাবে উপৰ্যুপৰি নিৰ্যাতন চলাই অহাত অৱশেষত কিছুদিন পূৰ্বে হস্পিতালত মৃত্যু হয় সুস্মিতাৰ। পাছত ঘটনা সন্দৰ্ভত সুস্মিতাৰ মাতৃ ৰঞ্জিতা বৰা ৰাজবংশীৰ গোচৰ নম্বৰ ৫৪০/১৯ৰ ২০৪ (B)/৩৪ ধাৰাৰ ভিত্তিত জুৱেলক আটক কৰে।

Conclusion:এইখিনিতে প্ৰশ্ন হয় যে কেনেকৈ আৰক্ষীৰ হাতৰ পৰা এইদৰে পলায়ন কৰিব পাৰে আছামী? কিয় দুৰ্বল হাতীগাঁও আৰক্ষী? কেতিয়াবা যদি লুট-পাট ঘটনা কেতিয়াবা খোদ আৰক্ষীৰ চকুৰ সন্মুখৰ পৰাই পলায়ন কৰে আছামী। কেতিয়া সাকী পোছাকধাৰী শক্তিশালী হৈ জনসাধাৰণক ৰক্ষণাবেক্ষণ দিব? বাৰম্বাৰ হাতীগাঁও আৰক্ষীৰ কিয় এই সোপাধিলা স্বৰূপ?
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.