ETV Bharat / city

অনুমতি অবিহনে মুখ নুখুলিবলৈ কংগ্ৰেছ নেতাক জিতেন্দ্ৰ সিঙৰ সকীয়নি - নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং

প্ৰথমবাৰলৈ অসমলৈ আহি প্ৰদেশ কংগ্ৰেছৰ নেতা, বিধায়কক সকীয়াই দিলে জিতেন্দ্ৰ সিঙে ৷ কংগ্ৰেছৰ নেতা-কৰ্মীৰে আলোচনাত মিলিত হৈ অনুমতি অবিহনে মুখ নুখুলিবলৈ সকীয়াই দিয়ে সিঙে ৷

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক
জিতেন্দ্ৰ সিং
author img

By

Published : Nov 5, 2020, 7:21 PM IST

Updated : Nov 6, 2020, 6:09 AM IST

গুৱাহাটী, 5 নৱেম্বৰ : অসমীয়াত এষাৰ কথা আছে - "চৰাই মৰে ৰৈ, মানুহ মৰে কৈ" । একাংশ বহুবল্কী নেতাৰ বাবে অসমত কংগ্ৰেছ দলৰো বৰ্তমান অৱস্থা তেনেকুৱাই হৈছে । কেতিয়াবা যদি ৰূপজ্যোতি কুৰ্মী, কেতিয়াবা আকৌ শ্বেৰমান আলী আহমেদ নাইবা ৰকিবুল হুছেইন কিম্বা কমলাক্ষ্য দে' পুৰকায়স্থ । মুঠতে একাংশ কংগ্ৰেছ বিধায়কৰ মুখত লেকাম নোহোৱা অৱস্থাই এতিয়া বাৰুকৈয়ে বিপদত পেলাইছে প্ৰদেশ কংগ্ৰেছক । যাৰ পূৰ্ণ সুযোগ লৈছে শাসকীয় বিজেপি দলে ।

জিতেন্দ্ৰ সিং
কংগ্ৰেছ নেতালৈ জিতেন্দ্ৰ সিঙৰ সকীয়নি

অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত তত্বাৱধায়ক, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে এই দায়িত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰলৈ অসমলৈ আহিয়েই প্ৰদেশ কংগ্ৰেছৰ নেতা, বিধায়ক সকলোকে সকীয়াই দি কলে, মুখত লেকাম লগাওঁক। বৃহস্পতিবাৰে জিতেন্দ্ৰ সিঙে বৰপেটাত নামনি অসমৰ জিলা সমূহৰ কংগ্ৰেছ নেতা-কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয় । তাৰ পূৰ্বে তেওঁ বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত দলটোৰ ভাতৃ-ভগ্নী সংগঠন সমূহৰ নেতৃবৰ্গৰে আলোচনাত মিলিত হৈছিল । আনহাতে, প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ বিষয়ববীয়া সকলৰে হোৱা বৈঠকত কেতবোৰ নতুন বাধা নিষেধ আৰোপ কৰে প্ৰদেশ কংগ্ৰেছৰ নতুন কেন্দ্ৰীয় তত্বাৱধায়ক গৰাকীয়ে ।

প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা দলটোৰ মিডিয়া বিভাগৰ অধ্যক্ষ ডঃ ভগীৰথ কৰণে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে এই কথা । সেই অনুসৰি এতিয়াৰে পৰা কোনো কংগ্ৰেছ সাংসদ, বিধায়ক, নেতা বা কৰ্মীয়ে দলৰ সভাপতি নাইবা মিডিয়া বিভাগৰ অধ্যক্ষৰ অনুমতি অবিহনে কোনো সংবাদ মাধ্যমত কোনো মন্তব্য কৰিব নোৱাৰিব বা কোনো টক শ্ব'ত ভাগ লব নোৱাৰিব । অন্যথাই দলে তেনে লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব । শেহতীয়াকৈ একাংশ বিধায়কে সংবাদ মাধ্যমত কৰা কেতবোৰ মন্তব্যই দলটোৰ বাবে বিপদ মাতিছে আৰু শাসক দলে ইয়াৰ সুযোগ লৈছে বুলি মন্তব্য কৰে জিতেন্দ্ৰ সিঙে । নিজৰ মাজতে খোৱা কামোৰা কৰি থকাৰ পৰিবৰ্তে ঐক্যবদ্ধ ভাবে আগবাঢ়িবলৈও তেওঁ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : সুধাকণ্ঠৰ অন্তিম শয়নৰ ভাস্কৰ্য অংকন

Last Updated : Nov 6, 2020, 6:09 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.