গুৱাহাটী, 5 নৱেম্বৰ : বৃহস্পতিবাৰে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় JEE পৰীক্ষা জালিয়াতিৰে জড়িত কাকলি বুজৰবৰুৱাক । আৰক্ষীয়ে নিজৰ জিম্মাত নিবিচৰাৰ বাবে আদালতে 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে কাকলি বুজৰবৰুৱাক । 5 দিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰাৰ পাচত আজি কাকলি বুজৰবৰুৱাক হাজিৰ কৰোৱা হৈছিল আদালতত ।
ইতিমধ্যেই কাকলিক লগত লৈ আজাৰা আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাইছে । ইফালে অভিযুক্ত কাকলিৰ 7 মহীয়া সন্তানটোক কাৰাগাৰৰ এক বিশেষ কোঠাত ৰখা হ'ব বুলি জানিব পৰা গৈছে । আনহাতে, SI পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত দ্বিবন ডেকাৰ গোচৰৰ আজি শুনানি অনুষ্ঠিত হৈ যায় ।
লগতে পঢ়ক : কোন বিধায়কৰ ঘৰৰ সন্মুখত ই-ৰিক্সা চালকে কৰিলে প্ৰতিবাদ ?