ETV Bharat / city

ৰোগ প্ৰতিৰোধক হিচাপে অসমৰ চাহৰ গুৰুত্ব বঢ়াবলৈ আহ্বান - Assam tea as immunity booster

ৰাষ্ট্ৰসংঘৰ দ্বাৰা 21 মে'ক আন্তৰ্জাতিক চাহ দিৱস ঘোষণা কৰাৰ পিচতে আজি প্ৰথমবাৰৰ বাবে উদযাপন কৰা হয় আন্তৰ্জাতিক চাহ দিৱস ৷

অসমৰ চাহৰ স্বকীয়তা বৃদ্ধিত গুৰুত্ব
অসমৰ চাহৰ স্বকীয়তা বৃদ্ধিত গুৰুত্ব
author img

By

Published : May 21, 2020, 10:31 PM IST

নিউজ ডেস্ক, 21 মে' : প্ৰথম আন্তৰ্জাতিক চাহ দিৱসৰ সৈতে সংগতি ৰাখি অসমৰ চাহ খেতিয়কে ভাৰতীয় চাহ বোৰ্ডক অসমৰ চাহপাতৰ স্বকীয়তাক আগস্থান দি ইয়াক ৰোগ প্ৰতিৰোধক হিচাপে স্বীকৃতি দিবলৈ আহ্বান জনাইছে ৷ উত্তৰ-পূৱ চাহ সংস্থাৰ উপদেষ্টা, বিদ্যানন্দ বৰকটকীয়ে কয় যে, সমগ্ৰ বিশ্বই কোভিড-19ৰ সৈতে যুঁজ দি থকাৰ সময়তে অসমৰ চাহৰ স্বকীয়তাক লৈ ইয়াক ৰোগ প্ৰতিৰোধক হিচাপে ব্যৱহাৰ কৰিবলৈ এয়াই হৈছে উপযুক্ত সময় ৷ এই সন্দৰ্ভত আমি আয়ুস মন্ত্ৰালয়ৰ লগতে ভাৰতীয় চাহ বোৰ্ডক অনুৰোধ জনাইছো ৷

ডঃ প্ৰদীপ বৰুৱাৰ দ্বাৰা ৰচিত গ্ৰন্থখন
ডঃ প্ৰদীপ বৰুৱাৰ দ্বাৰা ৰচিত গ্ৰন্থখন

এইখিনিতে উল্লেখ কৰিব পাৰি যে, প্ৰথম আন্তৰ্জাতিক চাহ দিৱসৰ সৈতে সংগতি ৰাখি অসমৰ চাহ উদ্যোগৰ ওপৰত কাম কৰা Tea Vision নামৰ এক বেচৰকাৰী সংস্থাই “Tea: A Wonder Drink for Health and Wellness” নামেৰে এখন গ্ৰন্থও প্ৰকাশ কৰিছে ৷ টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ মুখ্য উপদেষ্টা ডঃ প্ৰদীপ বৰুৱাৰ দ্বাৰা ৰচিত এই গ্ৰন্থখনত ৰাসায়নিক গঠন, ঔষধি গুণ, থেৰাপী, চাহৰ গুণাগুণ আৰু পোষণ আদিৰ ওপৰত কৰা বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা প্ৰকাশিত পত্ৰৰ ওপৰত ভিত্তি কৰি এক সমীক্ষাত্মক আলোচনা আগবঢ়োৱা হৈছে ৷ এই গ্ৰন্থখনৰ দ্বাৰা পাঠকসমাজক স্বাস্থ্যৰ ওপৰত চাহৰ প্ৰভাৱৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ বিচৰা হৈছে বুলি ডঃ বৰকটকীয়ে উল্লেখ কৰিছে ৷ গ্ৰন্থখনৰ প্ৰকাশকৰ দায়িত্বত আছিল অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷

শ্যাম টিৰ স্বত্বাধিকাৰী কমল জালানে
শ্যাম টি উদ্যোগত চাহপাতৰ সৈতে স্বত্বাধিকাৰী
চাহপাত উদ্যোগৰ এক দৃশ্য
চাহপাত উদ্যোগৰ এক দৃশ্য

"এইখনেই হৈছে প্ৰথমখন গ্ৰন্থ য'ত বিশ্বযুৰি চলা বৈজ্ঞানিক গৱেষণাৰ ওপৰত ভিত্তি কৰিয়ে চাহৰ স্বাস্থ্যগত দিশসমূহ তুলি ধৰা হৈছে ৷ গ্ৰন্থখনৰ প্ৰতিটো কথাই একোটা খণ্ডত হোৱা গৱেষণাৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰা হৈছে ৷ ইয়াত বিভিন্ন ৰোগৰ বিৰুদ্ধে চাহৰ উপকাৰিতাৰ বিষয়ে উল্লেখ আছে ৷" অসমৰ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গ্ৰন্থখন সন্দৰ্ভত এইদৰে কয় ৷

শ্যাম টিৰ স্বত্বাধিকাৰী কমল জালান
শ্যাম টিৰ স্বত্বাধিকাৰী কমল জালান

তেওঁ লগতে উল্লেখ কৰে যে, ইয়ে চাহৰ চাহিদা বৃদ্ধি কৰিব ৷ "এই গ্ৰন্থখনত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মাৰাথন দৌৰবিদ কেনিয়াৰ এগৰাকী খেলুৱৈয়ে বহু পৰিমানে চাহৰ খোৱাৰ কথা উল্লেখ কৰা হৈছে ৷ চাহ আৰু স্বাস্থ্যৰ ওপৰত এনেকুৱা এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰাৰ বাবে মই বিদ্যানন্দ বৰকটকী আৰু Tea Visionৰ দলটোৰ লগতে লেখক, ডঃ প্ৰদীপ বৰুৱাক ধন্য়বাদ জ্ঞাপন কৰিছো ৷" চন্দ্ৰমোহন পাটোৱাৰীয়ে এইদৰে উল্লেখ কৰে ৷

কেঁচা চাহপাত
কেঁচা চাহপাত

চাহৰ ঔষধি আৰু পোষক তত্বই ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যৱান শৰীৰ আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে ৷ চাহক ইয়াৰ সোৱাদ আৰু ষ্ফূৰ্তিৰ বাবে খোৱাৰ লগতে, মানুহে ইয়াক একেসময়তে মানৱ শৰীৰৰ উপকাৰিতাৰ বাবে ঔষধ আৰু থেৰাপি হিচাপেও গ্ৰহণ কৰিব পাৰে ৷ বিশ্বৰ বিভিন্ন প্ৰান্তত হোৱা অধ্যয়ন আৰু গৱেষণাত এইটো পোৱা গৈছে যে, চাহত মুঠ 30টা স্বাস্থ্যৰ উপকাৰী গুণ থাকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.