ETV Bharat / city

বিগত সময়ত বিদ্যায়তনিক দিশত জিলিকিছে সমস্যাজৰ্জৰ বিটিএডি অঞ্চল

author img

By

Published : Jun 25, 2020, 7:08 PM IST

বিটিএডিৰ চাৰিওখন জিলাই উগ্ৰপন্থী সমস্যাকে আদি কৰি বিগত সময়চোৱাত ডাইনী সমস্যা, গোষ্ঠী সংঘৰ্ষৰ দৰে সমস্যাৰো মুখামুখি হৈছিল ৷ তাৰ পিচটো কিন্তু শিক্ষাখণ্ডত শেহতীয়া বৰ্ষসমূহত উজলি উঠিছে অঞ্চলটোৰ বাক্সা জিলাকে ধৰি বাকী তিনিওখন জিলাই ৷

বিগত সময়ত বিদ্যায়তনিক দিশত জিলিকিছে সমস্যাজৰ্জৰ বিটিএডি অঞ্চল
বিগত সময়ত বিদ্যায়তনিক দিশত জিলিকিছে সমস্যাজৰ্জৰ বিটিএডি অঞ্চল

নিউজ ডেস্ক, 25 জুন : ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ অঞ্চল হৈছে বিটিএডি ৷ অতিকে অনগ্ৰসৰ বিটিএডিৰ চাৰিওখন জিলাই বিগত সময়চোৱাত বহুটো সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ সমস্যাৰে ভাৰাক্ৰান্ত এই অঞ্চলটোৱে শেহতীয়াকৈ শিক্ষাৰ লগতে বিদ্যায়তনিক ক্ষেত্ৰখনত ৰাজ্যৰ ভিতৰতে উজ্বলি উঠিবলৈ সক্ষম হৈছে ৷ বিদ্ৰোহী সমস্যাৰ পৰা আৰম্ভ কৰি যোগাযোগ, যাতায়ত, শিক্ষা, স্বাস্থ্য আদি বিষয়সমূহত তেনেই পিচপৰা এই অঞ্চলৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ সক্ষমতা প্ৰকাশ কৰি শিক্ষাখণ্ডত নিজকে প্ৰমাণিত কৰিছে ৷

বিটিএডিৰ চাৰিওখন জিলাই উগ্ৰপন্থী সমস্যাকে আদি কৰি বিগত সময়চোৱাত ডাইনী সমস্যা, গোষ্ঠী সংঘৰ্ষৰ দৰে সমস্যাৰো মুখামুখি হৈছিল ৷ তাৰ পিচটো কিন্তু শিক্ষাখণ্ডত শেহতীয়া বৰ্ষসমূহত উজলি উঠিছে অঞ্চলটোৰ বাক্সা জিলাকে ধৰি বাকী তিনিওখন জিলাই ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজ্বলি উঠিছে বিটিএডিৰ চাৰিওখন জিলা ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত 2019ৰ চনৰ 63.77 শতাংশৰ বিপৰীতে চলিত বৰ্ষত বাক্সা জিলাৰ উত্তীৰ্ণ হাৰ আছিল 69.72 শতাংশ ৷ একেদৰেই 2019ৰ চনৰ 43.69 শতাংশৰ বিপৰীতে চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চিৰাং জিলাৰ উত্তীৰ্ণ হাৰ আছিল 64.59 শতাংশ ৷ 2019ৰ চনৰ 56.22 শতাংশৰ বিপৰীতে চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কোকৰাঝাৰ জিলাৰ উত্তীৰ্ণ হাৰ আছিল 59.30 শতাংশ ৷ আনহাতে 2019ৰ চনৰ 53.38 শতাংশৰ বিপৰীতে চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ওদালগুৰি জিলাৰ উত্তীৰ্ণ হাৰ আছিল 57.92 শতাংশ ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত বিটিএডিৰ চাৰিওখন জিলাই ক্ৰমাগতভাৱে উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমান্তৰালকৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো জিলিকিছে বিটিএডিৰ চাৰিওখন জিলা ৷ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত জিলাভিত্তিক ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰে বাক্সা জিলাই ৷ ইয়াৰ লগতে বাণিজ্য শাখাত জিলাভিত্তিক ৰাজ্যৰ ভিতৰতে প্ৰথম স্থানত থাকে চিৰাং জিলা ৷ চলিত বৰ্ষৰ বাক্সা জিলাৰ উত্তীৰ্ণৰ হাৰ আছিল ক্ৰমে, কলা শাখাত 85.36 শতাংশ, বাণিজ্য শাখাত 92.56 শতাংশ আৰু বিজ্ঞান শাখাত 95.44 শতাংশ ৷ একেদৰে চিৰাং জিলাৰ উত্তীৰ্ণৰ হাৰ আছিল ক্ৰমে, কলা শাখাত 73.47 শতাংশ, বাণিজ্য শাখাত 100 শতাংশ আৰু বিজ্ঞান শাখাত 79.95 শতাংশ ৷ বিটিএডিৰ মুখ্য জিলা কোকৰাঝাৰ জিলাৰ উত্তীৰ্ণৰ হাৰ আছিল ক্ৰমে, কলা শাখাত 75.59 শতাংশ, বাণিজ্য শাখাত 69.85 শতাংশ আৰু বিজ্ঞান শাখাত 70.04 শতাংশ ৷ আনহাতে ওদালগুৰি জিলাৰ উত্তীৰ্ণৰ হাৰ আছিল ক্ৰমে, কলা শাখাত 74.20 শতাংশ, বাণিজ্য শাখাত 87.06 শতাংশ আৰু বিজ্ঞান শাখাত 85.46 শতাংশ ৷

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল

উল্লেখ্য যে, বিটিএডিক এসময়ত সমগ্ৰ ৰাজ্যবাসীয়ে উগ্ৰপন্থীৰ আশ্ৰয়থলী হিচাপে গণ্য কৰিছিল । তাৰ সমান্তৰালকৈ ২০১৪ চনৰ ১ মে'ত নৰসিংহবাৰীত আৰু একেটা বছৰৰে ২ মে'ত নাৰায়ণগুৰিৰ নকে খাগ্ৰাবাৰীত সংঘটিত হৈছিল নৰসংহাৰৰ ঘটনা ৷ একেদৰেই বিগত বৰ্ষতো দুৰ্বৃত্তই বাক্সা জিলাৰ কালাপানীত ধৰ্মগ্ৰন্থ জ্বলোৱা আদিৰ দৰে ঘটনা সংঘটিত হোৱাৰ লগতে ডাইনী প্ৰথাৰ দৰে কুসংস্কাৰৰ বাবে বিভিন্ন সংবাদ মাধ্যমত জিলাখনে বিভিন্ন সময়ত চৰ্চা লাভ কৰিছিল । শেহতীয়াকৈ বিটিআৰকে ধৰি ৰাজ্যপালৰ শাসনাধীন হৈ থকা অঞ্চলটোৰ ৰাজনৈতিক অৱস্থাও যথেষ্ট এটা ভাল নহয় ৷ পৰিষদীয় নিৰ্বাচনৰ বাবে বৰ্তমানে ব্যস্ত হৈ থকা অঞ্চলটোৰ শিক্ষাৰ্থীসকলে এক জটিল অৱস্থাৰ মাজেৰে নিজৰ শিক্ষাজীৱন পাৰ কৰি আহিছে ৷ তেনে এক জটিল পৰিস্থিতিৰ মাজটো এইটো অঞ্চলৰ শিক্ষাৰ্থীসকলে বিশেষকৈ বিজ্ঞান বিষয়ত সৰ্বোচ্চ ফলাফলেৰে সুনাম কঢ়িয়াই অনাতো নিশ্চয়কৈ এক শুভ লক্ষণ বুলিব পাৰি ।

লগতে পঢ়কঃ গালৱান ভেলীলৈ উভতি আহিছে পিপলছ লিবাৰেছন আৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.