গুৱাহাটী, ১৭ আগষ্ট: মিছিং সাহিত্য সভাৰ জন্মদাতা তথা বৰেণ্য শিক্ষাবিদ টাবুৰাম টাইডৰ মৃত্যু৷ দীৰ্ঘদিন ধৰি হৃদৰোগ, নিউমনিয়াকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ মহানগৰীৰ এপ'লো হাস্পতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট শিক্ষাবিদ গৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ। প্ৰায় ১৮ বছৰ কাল কটন মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল শিক্ষাবিদ টাবুৰাম টাইডে৷
তাৰোপৰি ছেবাৰ অধ্যক্ষ আৰু মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক পদতো অধিষ্ঠিত আছিল এইগৰাকী বিশিষ্ট শিক্ষাবিদ। এইগৰাকী বৰেণ্য পণ্ডিত, শিক্ষাবিদৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শিক্ষাবিদ গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে৷