গুৱাহাটী, 25 ফেব্ৰুৱাৰী: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুকুৰবাৰৰ নিশাটো কইনাধৰাৰ অতিথিশালাত কটাই শনিবাৰে পুৱা খানাপাৰা খেলপথাৰত নিৰ্মাণ কৰা হেলিপেডৰ পৰা ভাৰতীয় বায়ু সেনাৰ এম আই-১৭ শ্ৰেণীৰ অত্যাধুনিক হেলিকাপ্তাৰে তেজপুৰলৈ যাব । ৰাষ্ট্ৰপতি গৰাকীৰ খানাপাৰাৰ পৰা তেজপুৰ আৰু কাজিৰঙা ভ্ৰমণত ব্যৱহৃত হ'ব ভাৰতীয় বায়ু সেনাৰ অত্যাধুনিক হিচাপে পৰিচিত আৰু ছােভিয়েট ৰাছিয়াত নির্মিত এম আই-১৭ হেলিকাপ্তাৰ (Indian Air Force's MI 17 helicopter ) ।

তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ সমাৱর্তন অনুষ্ঠানত ভাগ লৈ ৰাষ্ট্রপতি গৰাকী পুনৰ হেলিকাপ্তাৰে বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাব আৰু নিশাটো তাতে কটাব ( (MI 17 helicopter ready to serve president Kovind ) । উল্লেখ্য যে, খানাপাৰা খেলপথাৰত ৰাষ্ট্ৰপতিৰ আগমণ উপলক্ষে বিগত দুদিন ধৰি দিনে নিশাই কাম কৰি লোক নির্মাণ বিভাগৰ দিছপুৰ ক্ষেত্রীয় পথ সংমণ্ডলে নির্মাণ কৰিছে চাৰিখনকৈ সুদৃশ্য হেলিপেড । আনকি অসম চৰকাৰৰ লোক নির্মাণ বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্পৰায়ে নিজে খানাপাৰা খেলপথাৰত বাহৰ পাতি হেলিপেড নির্মাণ কার্যৰ তদাৰক কৰে ।
উল্লেখ্য যে, ৰাষ্ট্ৰপতিগৰাকীৰ খানাপাৰাৰ পৰা তেজপুৰ আৰু কাজিৰঙা ভ্ৰমণত ব্যৱহৃত হ'ব ভাৰতীয় বায়ু সেনাৰ অত্যাধুনিক হিচাপে পৰিচিত আৰু ছোভিয়েট ৰাছিয়াত নির্মিত এম আই-১৭ হেলিকাপ্তাৰ । বৃহস্পতিবাৰে বৰঝাৰত থকা ভাৰতীয় বায়ু সেনাৰ ঘাটিৰ পৰা তিনিখনকৈ এম আই-১৭ হেলিকাপ্তাৰে খানাপাৰাত নির্মাণ কৰা হেলিপেডত কেইবাবাৰো উৰণ অৱতৰণৰ পৰীক্ষণ কার্য সম্পন্ন কৰা হয় ।
শনিবাৰে পুৱাই ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় বায়ু সেনাৰ অতি অধুনিক এম আই-১৭ হেলিকাপ্তাৰেৰে তেজপুৰ অভিমুখে ৰাওনা হ'ব । আজি আগবেলা নতুন দিল্লীৰ পৰা ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমানৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত আহি উপস্থিত হোৱা ৰাষ্ট্রপতিগৰাকী ৰাজ্যপাল, মুখ্যমন্ত্রীকে ধৰি ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়াসকলে আদৰণি জনায় । ইয়াৰ পাছত ৰাষ্ট্রপতিগৰাকীয়ে বিমান বন্দৰৰ পৰা স্থলপথৰে মা কামাখ্যা মন্দিৰত উপস্থিত হয় ।
মা কামাখ্যা মন্দিৰ দৰ্শন কৰি পূজা-অর্চনা কৰাৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্য চৰকাৰৰ অনুৰোধ অনুসৰি কইনাধৰাস্থিত অসম চৰকাৰৰ ১ নং অতিথিশালালৈ যায় । তাতে ৰাষ্ট্ৰপতিগৰাকীৰ দুপৰীয়াৰ আহাৰৰ লগতে জিৰণিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বিয়লি ৰাষ্ট্ৰপতিয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব ।
লগতে পঢ়ক: President Kovind in Assam : অসমত উপস্থিত ৰাষ্ট্ৰপতি