গুৱাহাটী, 2 নৱেম্বৰ : ইজৰাইলৰ ভাৰতস্থ ৰাষ্ট্ৰদূত ডঃ ৰ'ণ মালকাৰ উপস্থিতিত সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত ভাৰত-ইজৰাইল কৃষি প্ৰকল্পৰ অধীনত শাক পাচলিৰ উৎকৰ্ষ সাধন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে । প্ৰায় 10.03 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই কেন্দ্ৰৰ জড়িয়তে ৰাজ্যৰ কৃষক সকলে কৃষি খণ্ডত ইজৰাইলে ব্যৱহাৰ কৰা অত্যাধুনিক প্ৰযুক্তিৰ বিষয়ে জানিব পাৰিব ।
![ক্ষেত্ৰীত স্থাপন হ'ব বিশেষ কৃষি কেন্দ্ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-khetri-agri-project-7206058_02112020204434_0211f_1604330074_182.jpeg)
অনুষ্ঠানত ভাগ লৈ ইজৰাইলৰ ৰাষ্ট্ৰদূত গৰাকীয়ে কয় যে, ভাৰত আৰু ইজৰাইল হৈছে পৰস্পৰে পৰস্পৰক সহায় কৰিব পৰা দুখন ৰাষ্ট্ৰ । সাম্প্ৰতিক সময়ত ভাৰত-ইজৰাইলৰ বন্ধুত্বই বিশেষ মাত্ৰা লাভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে । আনকি ক'ভিডৰ বিৰুদ্ধে চলি থকা যুঁজখনতো ভাৰত আৰু ইজৰাইলে সমিলমিলেৰে কাম কৰিছে বুলিও উল্লেখ কৰে তেওঁ ।
![ক্ষেত্ৰীত স্থাপন হ'ব বিশেষ কৃষি কেন্দ্ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-khetri-agri-project-7206058_02112020204434_0211f_1604330074_125.jpeg)
এই অনুষ্ঠানৰ পূৰ্বে আজি ইজৰাইল ৰাষ্ট্ৰদূত গৰাকীৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ এটা দলে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় ।
লগতে পঢ়ক : গাৰ ছাঁই লগ এৰিলেও জৰা-ফুকাই লগ নেৰে আজমলৰ