গুৱাহাটী, 23 ফেব্ৰুৱাৰী : দুৰ্ধৰ্ষ উগ্ৰপন্থী নেতা ইংতি কাথাৰ সংবিজিত আৰু অন্য 5 উগ্ৰপন্থী সংগঠনৰ হাজাৰোধিক উগ্ৰপন্থীয়ে আজি অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত এক অনুষ্ঠানত আজি আত্মসমৰ্পন কৰে হাজাৰোধিক উগ্ৰপন্থীয়ে ৷
![উগ্ৰপন্থীৰ অস্ত্ৰ সম্বৰণ অনুষ্ঠান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-arms-laying-down-byte-7209319_23022021174031_2302f_1614082231_298.jpg)
উল্লেখ্য যে, দুৰ্ধৰ্ষ উগ্ৰপন্থী নেতা সংবিজিত হৈছে পিপলছ ডেমক্ৰেটিক কাউন্সিল অৱ কাৰ্বি লংৰি (পিডিচিকে)ৰ অধ্যক্ষ ৷
![উগ্ৰপন্থীৰ অস্ত্ৰ সম্বৰণ অনুষ্ঠান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-arms-laying-down-byte-7209319_23022021174031_2302f_1614082231_309.jpg)
আনহাতে, সংবিজিতৰ সৈতে আত্মসমৰ্পন কৰা অন্য সন্ত্ৰাসবাদী সংগঠন কেইটা হৈছে কাৰ্বি লংৰি এন চি হিলছ লিবাৰেছন ফ্ৰন্ট (KLNLF), কাৰ্বি পিপলছ লিবাৰেছন টাইগাৰ (KPLT), ইউনাইটেড পিপলছ লিবাৰেছন আৰ্মী (UPLA), কুকি লিবাৰেছন ফ্ৰন্ট (KLF) আদি ৷
![উগ্ৰপন্থীৰ অস্ত্ৰ সম্বৰণ অনুষ্ঠান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-arms-laying-down-byte-7209319_23022021174031_2302f_1614082231_585.jpg)
আত্মসমৰ্পনকাৰী সন্ত্ৰাসবাদীসকলে এ কে ছিৰিজ ৰাইফল, এল এম জি, এম 16 আৰু অন্যান্য বহু অস্ত্ৰ-শস্ত্ৰ জমা দিয়ে ৷
লগতে পঢ়ক : আজি অস্ত্ৰ সম্বৰণ কৰিব উগ্ৰপন্থী নেতা সংবিজিতে