ETV Bharat / city

NF Railway and RPF : 2021 বৰ্ষত ৰেল সুৰক্ষা বিভাগৰ বৃহৎ সফলতা

author img

By

Published : Jan 3, 2022, 10:27 PM IST

2021 বৰ্ষত বৃহৎ সফলতা ৰেল সুৰক্ষা বাহিনী আৰু উত্তৰ-পূব সীমান্ত ৰেলৱেৰ (Huge success of Railway Protection Force and Northeast Frontier Railway) ৷ বৰ্ষটোত ৰেল সুৰক্ষা বাহিনী আৰু উত্তৰ-পূব সীমান্ত ৰেলৱেয়ে বুজন পৰিমানৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ লগতে বহুলোকক মানৱ সৰববাহকাৰীৰ কৱলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হয় ৷

2021 বৰ্ষত ৰেল সুৰক্ষা বিভাগৰ বৃহৎ সফলতা

গুৱাহাটী, 3 জানুৱাৰী: ৰেল সুৰক্ষা বাহিনী আৰু উত্তৰ-পূব সীমান্ত ৰেলৱেয়ে বিগত বৰ্ষৰ জানুৱাৰী মাহৰ পৰী পৰা ডিচেম্বৰ মাহলৈ 11.02 কোটি টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰে । ইয়াৰোপৰি ৬৪৪ জন লোকক মানৱসৰবৰাহৰ কৱলৰ পৰা উদ্ধাৰ কৰাৰ লগতে ২৪ জন মানৱ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Huge success of Railway Protection Force and Northeast Frontier Railway) ৷

উত্তৰ-পূব সীমান্ত ৰেলৱে(North East Frontier Railway)ৰ ৰেল সুৰক্ষা বাহিনীয়ে চোৰাং নিষিদ্ধ সামগ্ৰীৰ সৰৱৰাহ নিয়ন্ত্ৰণ কৰিবলৈ ৰেল ষ্টেচন আৰু ৰেলত চলোৱা নিয়মীয়া তালাচীত জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ চোৰাং সামগ্ৰীৰ 330 টা ঘটনা চিনাক্ত কৰিছিল ৷ এই সময়ছোৱাত আৰপিএফে 11.02 কোটি টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰে আৰু এই নিষিদ্ধ সামগ্ৰীৰ পৰিবহনৰ সৈতে জড়িত 105 জন লোকক আটক কৰে । চোৰাংভাৱে সৰবৰাহ কৰা নিষিদ্ধ সামগ্ৰীবোৰৰ ভিতৰত আছে গাঞ্জা, হেৰ’ইন, মৰ্ফিন, ব্ৰাউন চুগাৰ আদি ।

তদুপৰি এন এফ ৰেলৱেৰ আৰ পি এফে যোৱা জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ শিশু আৰু মহিলাসহ 644 জন লোকক মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰে । এন এফ ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই সোমবাৰে প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এই তথ্য প্ৰকাশ কৰে ।

ৰেল সুৰক্ষা বাহিনীয়ে এই সময়ছোৱাত মানৱ সৰবৰাহৰ লগত জড়িত জড়িত ২৪ জন লোকক আটক কৰিছিল । শেহতীয়াকৈ 31 ডিচেম্বৰত কাটিহাৰৰ লাভা ৰেল ষ্টেচনত 05707 নম্বৰৰ ৰেলখনত চলোৱা অভিযানত প্ৰায় 2400 টকা মূল্যৰ 24 বটল সুৰা থকা এটা গৰাকীবিহীন বেগ উদ্ধাৰ কৰিছিল । পৰৱৰ্তী সময়ত উদ্ধাৰ কৰা সুৰাখিনি বিহাৰৰ কাটিহাৰৰ আবকাৰী বিভাগলৈ হস্তান্তৰ কৰা হয় ।

শেহতীয়াকৈ 31 ডিচেম্বৰত আলিপুৰ দুৱাৰৰ আলিপুৰদুৱাৰ ৰেল ষ্টেচনত আৰপিএফ এটা দলে অভিযান চলাই প্ৰায় 12 বছৰ বয়সৰ এজন পলাতক নাবালকক উদ্ধাৰ কৰিছিল । আলিপুৰদুৱাৰলৈ কোনো চক্ৰই নি থকাৰ সময়তে উদ্ধাৰ কৰা কিশোৰজনক আলিপুৰদুৱাৰৰ চাইল্ডলাইনক গতাই দিয়ে ৰেলৱে’ আৰক্ষীয়ে ।

লগতে পঢ়ক: অসমত ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন নোহোৱা পৰিবেশ সৃষ্টি কৰিব লাগিব : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.